গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ শেষ হোৱা নাই বিতৰ্ক। পুনৰ পূৰ্বৰ পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ মাজত ক্ষমতাক লৈ সংঘাতৰ উকমুকনি উঠিছে৷ বৰ্তমানৰ কৰ্ণধাৰ সমিতিয়ে অবৈধভাৱে নামঘৰৰ কামকাজ চলাই থকাৰ অভিযোগ তুলি পূৰ্বৰ পৰিচালনা সমিতিয়ে ন্যায়ালয়ত দ্বাৰস্হ হোৱাত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২০২২ চনৰ ১ আগষ্ট তাৰিখে নামঘৰৰ পৰিচালনা সমিতিৰ সপক্ষে ৰায় প্ৰদান কৰিছিল। ৰায়টোত ৬ সপ্তাহৰ ভিতৰত সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে৷ তাৰ পাছতে নামঘৰৰ পৰিচালনা সমিতি আৰু জিলা উপায়ুক্তৰ সৈতে এক আলোচনা মৰ্মে নামঘৰ পৰিচালনা সমিতিয়ে সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ দিন ধাৰ্য কৰি খেলুৱৈ ৰাইজক নিমন্ত্ৰণ কৰিছিল যদিও সভাৰ আগদিনা অৰ্থাৎ ১৭ আগষ্ট দিনা জিলা উপায়ুক্তই চিঠিৰ যোগেদি সভাৰ স্হগিত ৰখাৰ নিৰ্দেশ দিয়ে৷ উপায়ন্তৰ হৈ পুনৰ নামঘৰ পৰিচালনা সমিতিয়ে আদালতৰ ৰায় বিছাৰি আবেদন কৰাত যোৱা ৩১ আগষ্ট তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দ্ধাৰিত তাৰিখৰ ভিতৰত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে৷ ন্যায়ালয়ৰ অনুমতিৰ ভিত্তিত শুক্ৰবাৰে নামঘৰৰ সমীপৰ ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী,কেইবা শতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বেষ্টনীৰ মাজত সাধাৰণ সভা অনুষ্ঠিত হয়৷ সভাত ভালেসংখ্যক খেলুৱৈ ৰাইজ উপস্থিত থাকে৷ পূৰ্বৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাক পুনৰ সভাপতি পদত নিৰ্বাচিত কৰাৰ লগতে চক্ৰেন শইকীয়াক সম্পাদক হিচাপে নিৰ্বাচিত কৰে সাধাৰণ সভাই। দায়িত্ব লোৱাৰ পাছতে নৱগঠিত সমিতিখনে নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি সেৱা লৈ অচিৰেই দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। ইফালে নতুনকৈ গঠন কৰা সমিতিখনক অবৈধ,অ-সংবিধানিক আখ্যা দিয়ে কৰ্ণধাৰ সমিতিয়ে। নৱগঠিত সমিতিক কোনো কাৰণতে নামঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে কৰ্ণধাৰ সমিতিয়ে৷ পুনৰ এনেদৰে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনাৰ ক্ষমতাৰ লৈ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজ ,ভকত-বৈষ্ণৱে দুখ প্ৰকাশ কৰিছে৷ নামঘৰৰ পৰিচালনাক লৈ সৃষ্টি হোৱা এই সংঘাত শীঘ্ৰে অৱসান হোৱাৰ কামনা কৰিছে সকলোৱে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अटकळी येथे राहुल गांधी यांच्या स्वागताची जय्यत तयारी दील्ली पथकाकडून मैदानाची पाहणी #degalur#biloli
अटकळी येथे राहुल गांधी यांच्या स्वागताची जय्यत तयारी दील्ली पथकाकडून मैदानाची पाहणी #degalur#biloli
ત્રણ રાજ્યોમાં ભગવો લહેરાતા વીરપુર ખાતે ફટાકડા ફોડી જીતની ઉજવણી કરવામાં આવી...
વીરપુર ના ભારતીય જનતા પાર્ટીના કાર્યકરો દ્વારા ફટાકડા ફોડી જીતની ઉજવણી કરવામાં આવી...
ધ્રાંગધ્રાના કંકાવટીમાં આવેલી ઐતિહાસિક વાવનું માત્રીમા નો ઈતિહાસ જુઓ વિશેષ અહેવાલ
ધ્રાંગધ્રાના કંકાવટીમાં આવેલી ઐતિહાસિક વાવનું માત્રીમા નો ઈતિહાસ જુઓ વિશેષ અહેવાલ
PM Modi Degree controversy: PM मोदी के समर्थन में उतरे NCP नेता अजित पवार, कहा- वास्तविक मुद्दों पर करें सवाल
राष्ट्रवादी कांग्रेस पार्टी (एनसीपी) के नेता अजीत पवार ने कहा है कि मंत्रियों की डिग्री पर...