নিশাৰ ভাগত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক। দিনটো জেৰাৰ অন্তত নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক। পানবজাৰ থানাত জেৰা কৰা হৈছিল ভিক্টৰ দাসক। 

এটা টুইটৰ জৰিয়তে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ভিক্টৰ দাসক শুকুৰবাৰে নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে দিনটো ভিক্টৰ দাসক পানবজাৰ থানাত জেৰা কৰিছিল আৰক্ষীয়ে। অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। 

টুইটৰ জৰিয়তে ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰিছিল যে অসম চৰকাৰৰ ২৬ হাজাৰ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। নিযুক্তিত ধনৰ লেন দেন হৈছে আৰু ইয়াত প্ৰাক্তন বিধায়ক জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। 

ভিক্টৰ দাসৰ এই টুইটৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। বৃহস্পতিবাৰে ভিক্টৰ দাসে এই টুইট কৰাৰ পিছতে শুকুৰবাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ভিক্টৰ দাসৰ পৰা তথ্য বিচাৰি ভিক্টৰ দাসক জেৰা চলায়। জেৰাৰ অন্তত আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে। 

অসম আৰক্ষীৰ ফলৰ পৰা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা বুলি টুইটযোগে জানিবলৈ দিয়া হয়। আৰক্ষীৰ ফলৰ পৰা টুইটত জানিবলৈ দিয়া হয় যে উৰাবাতৰি প্ৰচাৰ কৰা আৰু চৰকাৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াকলৈ সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ কৰাৰ অভিযোগত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে।