কমল নয়ন সংস্কৃতি গোষ্ঠীৰ দ্বাৰা আয়োজিত Career guidance,counseling and personality development কাৰ্যসূচীৰ অন্তিম দিনৰ কাৰ্য্যসূচী সম্পন্ন হয়। পুৱা ৯ বজাত শোভাযাত্ৰা উদ্বোধন কৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পূৰ্ব স্বাস্থ্য বিষয়া ডা. নাৰায়ন চন্দ্ৰ উপাধ্যায়দেৱে আৰু বিভিন্ন ধৰণৰ সজাগতা বৃদ্ধি কৰা উদ্দেশ্য লৈ বাল্য বিবাহ, ভ্ৰুণ হত্যা, গছ-গছনি কটা, শিশু শ্ৰমিক, পালিথিন ব্যবহাৰ বন্ধ কৰাৰ লগতে আন আন বহুতো সতৰ্কতা মূলক শ্লোগান দি কন কন ছাত্ৰ-ছাত্ৰীয়ে বাটৰ নাট কৰি গাওঁ অঞ্চলত বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰাৰ লক্ষ্য বান্ধি শোভাযাত্ৰাৰ সমাপ্তি কৰে ।

১৫ দিনীয়া সৰ্বাংগীন উন্নয়নৰ কৰ্মশালাৰ অন্তিম কাৰ্য্যসূচী মূল সভাত শিশু সকলে সমাবেত সংগীতেৰে শুভাৰম্ভ কৰে । বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দামোদৰ শৰ্মা দেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত

বিভিন্ন স্থানৰ পৰা অহা মহান ব্যক্তিত্ব সকলক আসন গ্ৰহণ কৰাই তেখেত সকলক অভিনন্দন জনোৱা হয় ।

অতিথি সকলৰ ভিতৰত কলাশ্ৰী বিনোদ খনাল,সাহিত্য একডেমি নেপালী ভাষা পৰামৰ্শ সমিতিৰ সদস্য ডা° ক্ষেমৰাজ নেপাল, প্ৰাধ্যাপক টিকাৰাম উপাধ্যায় নিৰ্ভিক, সাহিত্য একডেমি অনুবাদ পুৰস্কাৰ প্ৰাপক ডা° সঞ্জীৱ উপাধ্যায়,চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ডা° দ্বিপেন ভৰালী,অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্যা হেমন্ত ভট্টৰাই, অসম গোৰ্খা বিশ্বনাথ জিলাৰ মুখ্য সম্পাদক শন্তিৰাম কাৰ্কী, কাৰ্যকৰী সভাপতি মাধৱ শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সহ.সম্পাদক তপন গৌতম, বাঘমৰা আঞ্চলিক সমিতিৰ ভা.সভাপতি মনোৰঞ্জন পৰজুলি ভা. মুখ্য সম্পাদক পৱন দাহাল, বিশ্বনাথ সদৰ আঞ্চলিকৰ সম্পাদক বিশাল উপাধ্যায়, চতিয়া আঞ্চলিক সমিতিৰ উপ সভাপতি কৃষ্ণ গৌতম, অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ কাৰ্যনিৰ্বাহ সদস্যা আনন্দ গোৱালা, শোণিতপুৰ লোখ্ৰাৰ সাহিত্যক ঘনশ্যাম সুবেদি, ভীষ্ম অধিকাৰী, ৰতোৱা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানত্ৰী মিত্ৰমায়া দেৱী, মোনাবাৰী গাওঁৰ লাট গাওঁবুডা মুৰুলীধৰ শৰ্মা, মহানন্দ শৰ্মা মধ্যা ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল শৰ্মাকে আদি কৰি বিভিন্ন ঠাইৰ পৰা অতিথি সকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানটিত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে গোষ্ঠীৰ সম্পাদক অনুপ শৰ্মাৰ মুক্তক সংগ্ৰহ " প্রতীক্ষা " গৃহ বিমোচন কৰা হয় । সাহিত্য,কৃষ্টি, ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক পাৰদৰ্শীতা প্ৰদৰ্শন কৰোৱাৰ লগতে পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰি গোষ্ঠীৰ দ্বাৰা অসম ৰাজ্য ভিত্তিত সাংস্কৃতিক ফটো প্ৰতিযোগিতাত প্ৰথম হোৱা তেজপুৰৰ বিভিসিকা উপাধ্যায়ক বিশেষ অভিনন্দন জনোৱা হয়।

শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভা সমাপন কৰা হয় ।