কালি কামৰূপ জিলাৰ বাইহাটা-কমলপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । সন্মিলনৰ কাৰ্যকৰী সভাপতি লোহিত চন্দ্ৰ ডেকা আৰু সম্পাদক অৰুণ চন্দ্ৰ মজুমদাৰে অৱগত কৰামতে, দিনযোৰা কাৰ্যক্ৰমণিকাৰে বাইহাটা শিৱ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত উক্ত পঞ্চম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বাইহাটা-কমলপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰমেন চৌধুৰীয়ে ৷ ৯-৩০ বজাত গছপুলি ৰোপণ কৰে সন্মিলনৰ জ্যেষ্ঠ সদস্য খগেন মালি আৰু প্ৰফুল্ল দাসে ৷ ১০ বজাত বন্ত্বি প্ৰজ্জ্বলন কৰে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন শৰ্মাই ৷ ১০-৩০ বজাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি,সাধুকথা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতা সমূহৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি মুকলি সভাৰ আয়োজন কৰা হয় ৷ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বাইহাটা-কমলপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰমেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাৰ কাৰ্যসূচীত "শিশুৰ শিক্ষাৰ অধিকাৰ আৰু সুৰক্ষা" শীৰ্ষক এখনি আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায় ৷ এই আলোচনা চক্ৰত আলোচক হিচাবে উপস্থিত থাকে আৰ্য কলেজৰ অৱসৰী অধ্যাপক ড° জয়কান্ত শৰ্মা,কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মা আৰু কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা° ডিম্বেশ্বৰ শৰ্মা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂનાડીસા આંગણવાડી નંબર ત્રણમાં શિક્ષક દિવસની ઉજવણી કરાઈ*
રિપોર્ટ. લતીફ સુમરા
જુનાડીસા રામાપીર મંદિર ખાતે આવેલ આંગણવાડી નંબર ત્રણ શિક્ષક દિનની ઉજવણી...
ED at Sanjay Raut House : संजय राऊत यांच्या अडचणीत वाढ, ईडीचंं पथक राऊतांच्या घरी : ABP Majha
#SanjayRaut #ED #PatraChawlScam #CMEknathShinde #UddhavThackeray #Shivsena MaharashtaPolitics...
अवैध खनिज बजरी रेत से भरे हुए 03 ट्रेलर जब्त • अवैध बजरी परिवहन की एस्कोर्ट करने वाली 1 कार जप्त • अवैध बजरी परिवहन में संलिप्त 7 व्यक्ति गिरफ्तार
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा आई.पी.एस. ने बताया की थानाधिकारी पुलिस थाना बसोली...
Parliament Security Lapse: ललित झा, जिन्हें संसद में हुए प्रदर्शन का 'मास्टरमाइंड' बताया जा रहा है
Parliament Security Lapse: ललित झा, जिन्हें संसद में हुए प्रदर्शन का 'मास्टरमाइंड' बताया जा रहा है