অৰুণাচল প্ৰদেশত কৰ্মৰত অৱস্থাত দুলীয়াজানৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খবৰ আহিছে। 

নিহত শ্ৰমিক দুগৰাকী দুলীয়াজানৰ নাওশলীয়া জুটুলিবাৰী চাহবাগিচাৰ অশোক চাৰেচিয়া আৰু গোপী গড় বুলি জানিব পৰা গৈছে। 

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে এমাহ পূৰ্বে দুলীয়াজানৰ নাওশলীয়াৰ জুটুলিবাৰী চাহবাগিচাৰ পৰা প্ৰায় ১৫ গৰাকী শ্ৰমিকক অৰুণাচল প্ৰদেশত কৰ্ম স্থাপনৰ বাবে ঠিকাদাৰে প্ৰলোভনেৰে নিছিল আৰু ঠিকাদাৰে ভয়-ভাবুকিৰে শ্ৰমিক সকলক দিনে-নিশাই কৰ্মত নিয়োজিত কৰি আহিছিল বুলি পৰিয়ালৰ লোকে শনিবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। 

ইফালে অৰুণাচল প্ৰদেশৰ কলৰিয়াং জিলাৰ চেৰা তালু অঞ্চলত কাম কৰি থকা অৱস্থাত অশোক চাৰেচিয়া আৰু গোপী গড় নামৰ শ্ৰমিক দুগৰাকী গুৰুতৰভাৱে অসুস্থ হয়। 

পিছত দুয়োগৰাকী শ্ৰমিকক অৰুণাচলৰ চেৰা তালু জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

ইফালে শনিবাৰে দুলীয়াজানৰ নাওশলীয়া আৰক্ষী চকীত দুয়োগৰাকী শ্ৰমিকৰ মৃতদেহ আহি পোৱাৰ পিছতেই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। 

পৰিয়ালৰ লোকে অভিযোগ কৰা মতে ঠিকাদাৰৰ অকথ্য নিৰ্যাতনৰ বলি হৈ শ্ৰমিক দুগৰাকীৰ মৃত্যু হৈছে।

শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে।