মৰাণৰ সমীপৰ বকতাত ভদীয়া বানৰ তাণ্ডৱ। পশ্চিম বকতাৰ কেইবাখনো গাঁৱৰ কৃষিভূমি পানীৰ তলত। কৃষকৰ মাজত হাহাকাৰ‌। দিচাং আৰু দিৰৈ নৈৰ ওভতনি পানীত হাহাকাৰ কৃষক ৰাইজৰ। পশ্চিম বকতাৰ ২ নং কোঁৱৰ গাওঁ, ইকৰাতলি, খনিকৰ, খামুন, দিৰৈ, হলঙনী দেউৰীটিং আদিকে ধৰি বহু কেইখন গাঁৱৰ কৃষিভূমি বৰ্তমান পানীৰ তলত। কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ। এটা খবৰ লবলৈ সময় নাই স্থানীয় বিধায়ক সুশান্ত বৰগোঁহাইৰ। এই অভিযোগ  স্থানীয় ৰাইজৰ।