নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীৰ অন্তৰ্গত ৬৮ নং বেটেলিয়নৰ বৰ্ডাৰ আউটপোষ্ট ৰণঘাটৰ সষ্টম জোৱানে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত এজন বাংলাদেশী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজন খালিদ হাছান হৃদয় (২৭) বুলি চিনাক্ত হৈছে। তেওঁ বাংলাদেশৰ গোপালগঞ্জ জিলাৰ কাৰ্ঘাটি গাঁৱৰ বাসিন্দা।

দিল্লী বি এছ এফৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, জেৰাৰ সময়ত খালিদ হাছান হৃদয়ে কয় যে বাছ দুৰ্ঘটনাত তেওঁৰ এখন হাত কাটি গৈছিল। চিকিৎসা কৰিবলৈ আৰু কৃত্ৰিম হাত এখন লগাবলৈ ভাৰতলৈ আহিছিল। 

অবৈধভাৱে সীমান্ত পাৰ হোৱাৰ অপৰাধতে বি এছ এফৰ জোৱানে তেওঁক গ্ৰেপ্তাৰ কৰে।