টেঙাঝাৰত শ্ৰীশ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ প্ৰাঙ্গন অনুষ্ঠিত সপ্তাহজোৰা শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ সামৰণি

গোৰেশ্বৰৰ টেঙাঝাৰত শ্ৰীশ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ প্ৰাঙ্গণত আয়োজিত সপ্তাহজোৰা শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ সামৰণি পৰে ৷ পবিত্ৰ ভাদ মাহত আয়োজন কৰা এই সমুদ্ৰ মন্থন মহোৎসৱ হৰি নামৰ ধ্বনিৰে মুখৰিত হয় ।ইপিনে অনুষ্ঠানত ৰাজ্যৰ বহু কেইগৰাকী পাঠক আৰু ভাগৱত বাখ্যাকাৰে অংশগ্ৰহণ কৰে।আনহাতে সপ্তাহজোৰা ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ মুখ্য পৌৰহিত্য কৰিছে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তই।অনুষ্ঠানত দুৰদুৰনিৰ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ।