ড০ ভূপেন হাজৰিকাৰ গীতেই হৈছে আমাৰ জীৱন যুঁজত আগুৱাই যোৱাৰ অমোঘ বাণী, প্ৰেৰণা। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্রত তেখেতৰ ৯৬ তম জন্ম দিৱস উপলক্ষে আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত ভাষন প্ৰদান কৰি সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। ভূপেন দাই প্ৰতিটো দশকতে আমাক তেখেতৰ চিন্তা আৰু কৰ্মেৰে প্ৰেৰণা যোগাই যোৱাৰ লগতে আমাক সজাগ কৰি থৈ গৈছে বুলিও মন্ত্রী বিমল বড়াই উল্লেখ কৰে।
সাংস্কৃতিক বিভাগৰ সচিবলয়া মাদুৰীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিত পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু হস্ত তাঁত বস্ত্ৰ বিভাগৰ মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম, ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু অভিনেতা যতীন বৰা উপস্থিত আছিল। মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসমীয়াই কেতিয়াও ড০ ভৃপেন হাজৰিকাক পাহৰিব নোৱাৰে বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। আমি আজিও পদে পদে তেখেতৰ অভাৱ অনুভব কৰো বুলিও তেওঁ কয়।
অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই সুধাকণ্ঠৰ "জিলিকাব লুইতৰে পাৰ" গীতটি পৰিৱেশন কৰে। গীত আৰু কথাৰে মুখৰিত অনুষ্ঠানটিত ৰূপম ভৃঞা, নিৰ্মালি দাস, গোবিন্দ বৈশ্য আদিয়ে ভূপেন্দ্র সংগীত পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে বিশিষ্ট অতিথি কেইগৰাকীয়ে ড০ ভৃপেন হাজৰিকাৰ প্ৰতিমুৰ্তি আৰু সমাধিত পুষ্পাঞ্জলি অৰ্পণেৰে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।