ওদালগুৰি, ৮ ছেপ্তেম্বৰ:- ভাৰত ৰত্ন শিল্পী, সাহিত্যক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ
৯৬ সংখ্যক জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উদ্যাপন কৰে ৷ সুধাকণ্ঠ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি টংলাৰ উদ্যোগত অসম সাংস্কৃতিক মহাসভা ওদালগুৰি জিলা সমিতি আৰু টংলা বালিকা উচ্চ বিদ্যালয়ৰ সহযোগত টংলা বালিকা উচ্চ বিদ্যালয়ত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে টংলা বালিকা উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেন হাজৰিকাই ৷ মাল্যাৰ্পন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী নিবেদিতা ডেকা বৰুৱাই ৷ ইয়াৰ পিছতে মানুহে মানুহৰ বাবে গীতেৰে ওপজা দিনৰ ওলগ জনায় ৷ গছপুলি ৰোপণ আৰু সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বিনয় কুমাৰ মেধিয়ে ৷ অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে গীত-মাত আৰু কথাৰে সুধাকণ্ঠজনৰ গুণানুকীৰ্তন কৰে ৷ অনুষ্ঠানত টংলা বালিকা উচ্চ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ, সহকাৰী সম্পাদক হেমন্ত ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক বিণু দেৱী, চন্দ্ৰপ্ৰভা দত্ত সহ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।