অসামৰিক বিষয়া বাসুদেৱ দাসৰ "অজানিতে অমানিশা" নামৰ গ্ৰন্থ উন্মোচন।
তামুলপুৰ জিলাৰ অন্তৰ্গত অময়াপুৰ গাঁওৰ সুযোগ্য সন্তান, অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া বাসুদেৱ দাসৰ নিজে লিখা গ্ৰন্থ "অজানিতে অমানিশা" নামৰ দ্বিতীয় সংস্কৰণ আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত উন্মোচন কৰা হয়। অজানিতে অমানিশা নামৰ গ্ৰন্থখন উন্মোচন কৰে তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে। গ্ৰন্থখন উন্মোচন কৰি উপায়ুক্ত গৰাকীয়ে কয়---- আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত থাকিব পাই অত্যন্ত ভাল লাগিছে। অসামৰি সেৱাৰ পৰা বাসুদেৱ দাসে অৱসৰ গ্ৰহণ কৰি তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লৈছে। অসামৰিক সেৱাত থকাৰ সময়তো বাসুদেৱ দাসে নিখুঁত ভাৱে কম কৰি আহিছিল। অৱসৰ গ্ৰহণ কৰি সাহিত্য চৰ্চাৰ কৰি আহিছে তাৰ বাবে ধন্যবাদ জনাইছো। অজানিতে অমানিশা নামৰ গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে। গ্ৰন্থখন উন্মোচন অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ বাৰ্তা সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা, চিকিৎসক ডা: ৰমেন কুমাৰ কাকতি, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীপতি বৰাও ভাষণ ৰাখে। তামুলপুৰ কবি দ্বিজেন কুমাৰ দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মুকুন্দ দাস, অৱসৰ প্ৰাপ্ত শিক্ষক টেক বাহাদুৰ চেত্ৰী, শিক্ষক, কবিৰ লগতে তামুলপুৰৰ পঢ়ৱৈ সমাজ উপস্থিত থাকে।