সাপেখাতীত কৰম পৰব উদযাপন তথা মুকলি ঝুমইৰ প্ৰস্তুতি তুংগত

চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ খাগৰিজান চাহ বাগিছাৰ খেলপথাৰত অহা ১০ চেপ্তেম্বৰ তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে কৰম পৰব উদযাপন তথা মুকলি ঝুমইৰ উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে

খাগৰিজান চাহ বাগিছাৰ মহিলা আত্মসহায়ক গোট, যুৱ সমাজ , গাওঁৰক্ষী বাহিনী আৰু আদিবাসী যুৱ পৰিষদ খাগৰিজান উপ শাখা সমিতিৰ উদ্যোগত তথা খাগৰিজান চাহ বাগিছা আৰু সমুহ সাপেখাতী ৰাইজৰ সহযোগত নৱম বাৰ্ষিক কৰম পৰব উদযাপন তথা মুকলি ঝুমুইৰ উদযাপনৰ ক্ষেত্ৰত ব্যাপক প্ৰস্তুতি চলাই

১০ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া কাৰ্য্যসূচীত কৃষ্টি পতাকা উত্তোলন , বৃক্ষৰোপণ , চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা বেদিত কৰম ডাল স্থাপন ও কৰম পূজা, বন্তি প্ৰজ্বলন, মুকলি সভাৰ লগতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ তেজপুৰৰ টেমা ধেলি YouTube channelৰ শিল্পীসকলক নিমন্ত্ৰণ কৰা হৈছে

উক্ত অনুষ্ঠানত সমুহ ৰাইজক উপস্থিত থাকিবলৈ সভাপতি দয়াল গোৱালা , কাৰ্য্যকৰী সভাপতি দেবেন ৰাজোৱাৰ , সম্পাদক ৰাজেন তাঁতীয়ে অনুৰোধ জনাই