MANGALDAI--- Press meet

বছৰৰ চাৰিটা তাৰিখত সংশোধনী কৰিব পাৰিব ভোটাৰ তালিকা*

এতিয়াৰে পৰা ইংৰাজী ১ জানুৱাৰী ২০২২ তাৰিখক ভিত্তি বৰ্ষ লৈ প্ৰস্তুত কৰা নহয় ফটোযুক্ত ভোটাৰ তালিকাৰ ।বছৰত চাৰিটা তাৰিখত সংশোধনী কৰিব পাৰিব ভোটাৰ তালিকা । এই প্ৰক্ৰিয়াটোক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে দৰং জিলা প্ৰশাসনে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰি বিশদভাৱে জানিবলৈ দিয়ে । জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা আৰু নিৰ্বাচন বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলত জানিবলৈ দিয়ে যে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ যিকোনো এটা তাৰিখত ১৮ বছৰ হলেই আবেদন কৰিব পাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তৰ বাবে । এই সংশোধীত চুড়ান্ত ভোটাৰ তালিকা ২০২৩ চনৰ ৫ জানুৱাৰী তাৰিখে প্ৰকাশ পাব । সবিশেষ জানিবলৈ www.nsvp.in ৱেবছাইট চাব পাৰিব ।