বোকাখাত পৌৰসভাই স্থাপন কৰা মহিলা আত্মসহায়ক গোটৰ ৰাষ্ট্ৰীয় পতাকা 🇮🇳 ৰ
এটি বিক্ৰী কেন্দ্ৰ আজি উদ্বোধন কৰিলে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই। "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ অংশ হিচাপে স্থাপন কৰা ৰাষ্ট্ৰীয় পতাকা 🇮🇳 ৰ বিক্ৰী কেন্দ্ৰটিৰ উদ্বোধনী কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপ-পৌৰপতি ৰাণা দেৱনাথ, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক দত্ত প্ৰমুখ্যে ৱাৰ্ড কমিছনাৰ, আন বিষয়াসকল আৰু মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে।