ঢকুৱাখনা মহকুমা অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লোকেন চন্দ্ৰ শইকীয়া বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰাত তেওঁক আজি বিদ্যালয়ৰ পৰিয়ালে বিদায় সম্বৰ্ধনা জনায় ৷ বিদ্যালয়খনৰ প্ৰধান অধ্যক্ষা দুলু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বিদায়-সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ বিষয় শিক্ষক হৰিপ্ৰসাদ শৰ্মাই ৷ সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ বৰ্তমানৰ উপাধ্যক্ষ পুস্প দত্তই ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে পশ্চিম ঢকুৱাখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভৰত দত্ত, অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক যতিন শইকীয়া, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নন্দ নাথ দত্ত লগতে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তোলন ৰাজভৰ আৰু ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ বিষয় শিক্ষক প্ৰবিত্ৰ চুতীয়াই ৷ উল্লেখনীয় যে, অৱসৰপ্ৰাপ্ত শিক্ষক শইকীয়াৰ জন্ম হৈছিল ১৯৬২ চনত ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোণাৰি চাপৰি অঞ্চলত ৷ শিক্ষা জীৱন কেকুঁৰি অঞ্চলৰ পৰাই আৰম্ভ কৰি ১৯৮৮ চনত দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম চাকৰি জীৱন আৰম্ভ কৰা শইকীয়াই পাছত ধুবুৰী হাজিৰ বাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰেং বং হম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি কৰা পাছত ২০১৫ চনত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে চাকৰি জীৱনৰ আৰম্ভ কৰি অৱশেষত ২০২২ বৰ্ষৰ ৩০ এপ্ৰিলত চৰকাৰীভাবে শিক্ষকৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ আজি পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ - ছাত্ৰী সকলে চেলেং চাদৰ, গামোচা, শৰাই, গ্ৰন্থ, কলম, ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰি অৱসৰী শিক্ষক লোকেন চন্দ্ৰ শইকীয়াক শ্ৰদ্ধা জ্ঞাপন কৰে ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী ও শিক্ষক সকলে সমবেত সংগীত পৰিৱেশন কৰে ৷ উক্ত বিদায়-সম্বৰ্ধনা অনুষ্ঠানত কংকণা লেখাৰু আৰু অসীম জ্যোতি গগৈৰ সংগীত, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য অনুষ্ঠানে অনুষ্ঠানটো সুন্দৰ কৰি তোলাৰ লগতে অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ও ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra: 'यही तुम्हारी औकात है...' फडणवीस की पत्नी और प्रियंका चतुर्वेदी के बीच क्यों छिड़ा ट्विटर वॉर?
महाराष्ट्र की सियासत में उपमुख्यमंत्री देवेंद्र फडणवीस की पत्नी अमृता फडणवीस को रिश्वत देने...
શિક્ષણ સમિતિના ચેરમેન પિનાકીન શુક્લના અધ્યક્ષતામા 'વીર બાળ દિવસ'ની ઉજવણી કરવામાં આવી હતી...
વિરપુરમાં આવેલી કુમાર શાળા ખાતે જીલ્લા શિક્ષણ સમિતિના ચેરમેન પિનાકીન શુક્લના અધ્યક્ષતામા 'વીર બાળ...
Railway Minister Shri Ashwini Vaishnaw honors immortal martyrs of freedom struggle Minister of Railways also “Flagged-in” RPF motorcycle rally consisting of 75 motorcycles
AZADI KA AMRIT MAHOTSAV
Railway Minister Shri Ashwini Vaishnaw honors immortal martyrs...
जम्मू-कश्मीर से आर्टिकल 370 हटाने पर सुप्रीम कोर्ट में हुई सुनवाई, उमर अब्दुल्ला बोले- न्याय मिलने की उम्मीद
Abrogation of Article 370 SC Hearing: जम्मू-कश्मीर राज्य को विशेष दर्जा देने वाले अनुच्छेद 370 को...
ગાયત્રી ફાઉન્ડેશન આયોજિત એક શામ દેશ કે નામ : ધારી માર્કેટિંગ યાર્ડ ખાતે કરાયુ આયોજન
ગાયત્રી ફાઉન્ડેશન આયોજિત એક શામ દેશ કે નામ : ધારી માર્કેટિંગ યાર્ડ ખાતે કરાયુ આયોજન