ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যবাসীক এখন দুর্নীতিমুক্ত তথা শূন্য সহনশীল চৰকাৰ উপহাৰ দিব বুলি ঘোষণা কৰিছিল । সেই অনুসৰি বিগত প্ৰায় ১৪ টা মাহত দুৰ্নীতিৰ অভিযোগত আৰক্ষীকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কেবাজনো বিষয়া - কৰ্মচাৰী হাতে লোটে ধৰি পৰি জেললৈ যাবলগীয়া হৈছে । কিন্তু ইমানৰ পাছতো মুখ্যমন্ত্রী বা বিভাগীয় মন্ত্ৰীৰ জ্ঞাতে-অজ্ঞাতে কেবাটাও বিভাগত এতিয়াও একাংশ বিষয়া কৰ্মচাৰীয়ে ৰাজভৰালত মাধমাৰ সোধাই দুৰ্নীতি কৰি নিজৰ পকেট গধুৰ কৰা বুলি অভিযোগ 

উত্থাপিত হৈছে। তাৰ ভিতৰত অভিযোগ উত্থাপিত হোৱা অন্যতম বিভাগ এটা হল ৰাজ্য চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ। আনকি ৮ জুলাইত বিভাগটোৰ মুৰব্বী বিষয়া তথা নিয়ন্ত্ৰক শচিন্দ্ৰ নাথ বৈশ্য ২৫ হাজাৰ টকা ভেটি লোৱা অৱস্থাত হাতে -- লোটে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰাৰ পাছত বিভাগটোত এক প্ৰকাৰ কঁপনি উঠিছে । উল্লেখযোগ্য যে বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত থকা বৈশ্য উপাধিৰ নিয়ন্ত্ৰক গৰাকীৰ প্ৰত্যক্ষ - পৰোক্ষ পৃষ্ঠপোষতাত একাংশ সহকাৰী নিয়ন্ত্ৰক আৰু পৰিদৰ্শকে ৰাজ্যত পেট্ৰ'লিয়াম বা তেল পৰিবাহী অইল টেংকাৰ সমূহত জোখ মাপৰ নামত ছিণ্ডিকেটৰ কায়দাৰে দুৰ্নীতি কৰি ধন ঘটি আহিছিল । সাধাৰণতে একোখন অইল টেংকাৰে সঠিক জোখত তেল পৰিবহণ কৰিছে নে নাই তাক পৰিদৰ্শক সকলে নিৰীক্ষণ কৰিব লাগে। আনকি বিভাগীয়ভাবে নিৰ্ধাৰণ কৰি দিয়া স্থানত অইল টেংকাৰ এখনে তেওঁলোকৰ পৰিমাণৰ জোখ মাপ লব লাগে পৰিদৰ্শকে। আনকি বিভাগীয় ভাবে বান্ধি দিয়া মাচুল আদায় দিয়াৰ পাছত পৰিদৰ্শকে জোখ মাপ কৰি যদি জোখ মাপ সঠিক থাকে তেন্তে পৰিদৰ্শকে এখন প্রমাণ পত্র প্ৰদান কৰে। সেই প্ৰমাণপত্ৰ খনৰ ম্যাদ এবছৰ থাকে। উল্লেখযোগ্য যে বিভাগৰ ফালৰ পৰা গুৱাহাটীত লখৰাত থকা ডি কে কেলিব্রেছন চেণ্টাৰ আৰু লখৰাৰ সমীপৰ লালুংগাঁৱৰ এন ডি কেলিব্ৰেছনক অইল টেংকাৰ জোখ মাপৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। তাত চৰকাৰী নিৰিখ অনুসৰি ১২ হাজাৰ কিলোলিটাৰ তেল সৰবৰাহ কৰা এখন অইল টেংকাৰে যত জোখ মাপ কৰে তাত পানী ভৰোৱাৰ বাবদ ৬০০ টকা আৰু ২০ হাজাৰ কিলোলিটাৰ তেল সৰবৰাহ কৰা এখন অইল টেংকাৰে ৯০০ টকা পৰিশোধ কৰিব লাগে। সমান্তৰালভাৱে ১২ হাজাৰ কিলোলিটাৰ তেল সৰবৰাহ কৰা টেংকাৰ এখনে জোখ মাপ কৰি দিয়াৰ নামত চৰকাৰীভাবে বিভাগক ৮৮৩ টকা আৰু ২০ হাজাৰ কিলোলিটাৰ তেল সৰবৰাহ কৰা টেংকাৰ এখনে ১৪৪৩ টকা পৰিশোধ কৰিব লাগে। কিন্তু অভিযোগ মতে সহকাৰী নিয়ন্ত্ৰক আৰু পৰিদৰ্শক সকলৰ বেছিভাগেই ৮৮৩ টকাৰ বিপৰীতে প্রায় পাঁচ হাজাৰ টকা আৰু ২০ হাজাৰ লিটাৰৰ বিপৰীতে প্ৰায় ছয় হাজাৰ টকা সংগ্ৰহ কৰি আহিছে । এদিনত এজন পৰিদৰ্শকে কমেও তিনিৰ পৰা পাঁচখন পর্যন্ত টেংকাৰ জোখ মাপ কৰে। গতিকে চৰকাৰী ভঁৰাল বা ৰাজকোষৰ বিপৰীতে তেওঁলোকৰ পকেটত কিমান পৰিমাণৰ ধন যায় সেয়া সহজে অনুমেয়। আনহাতে বিভাগীয়ভাবে বঙাইগাঁও জিলাৰ ঢালিগাঁও আৰু গোলাঘাটতো তেনে জোখ মাপ কেন্দ্র আছে। তাতো অইল টেংকাৰৰ জোখ মাপৰ নামত গুৱাহাটীৰ দৰে দুৰ্নীতি চলি আহিছে। যদি কোনো টেংকাৰৰ মালিক বা চালকে পৰিদৰ্শকক বিচৰা ধৰণে ধন দিবলৈ অমান্তি হয় তেন্তে নানান অজুহাত দেখুৱাই জোখ মাপ নকৰে বা ঘূৰাই পঠিয়াই। তেনেদৰে ভাৰত চৰকাৰে কল - কাৰখানা , উদ্যোগ প্ৰতিষ্ঠান , চাহ বাগিচা আদিত গৈ পদূলিয়ে পদূলিয়ে তেল যোগান ধৰাৰ বাবে ছয় হাজাৰ লিটাৰ ক্ষমতাযুক্ত বাহনৰ (Browser) অনুমোদন দিছিল । কিন্তু সেই বাহনৰ জোখ মাপৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ৩০ হাজাৰ টকা পৰ্যন্ত ধন আদায় কৰি আহিছে একাংশ সহকাৰী নিয়ন্ত্ৰক আৰু পৰিদৰ্শকে। তেনেদৰে যিসকলে নতুনকৈ তেল ডিপো বা পেট্ৰল পাম্প খোলাৰ বাবে ভাৰত চৰকাৰৰ বিভিন্ন তৈল কোম্পানীৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিছে তেওঁলোকক ডিপো খোলাৰ পূৰ্বে জোখ মাপৰ নামত বিভাগীয় একাংশ সহকাৰী নিয়ন্ত্ৰক আৰু পৰিদৰ্শকৰ কেনে ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হয় তাক ভুক্তভোগী সকলেহে অনুভৱ কৰিব পাৰে। আনকি বিভাগটোৰ নিয়ন্ত্ৰক গৰাকী হাতে - লোটে ধৰাৰ পাছতো এই কার্য বন্ধ হোৱা নাই বুলি জানিব পৰা গৈছে।