বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা জন্ম জয়ন্তী পৱিত্ৰ ক্ষণত দেৰগাওঁ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ লাই খুটা স্থাপন ৷

 আহি আছে উৎসৱৰ বতৰ । শৰৎ কালৰ আগমণৰ লগে লগে আগমণ হ'ব শাৰদীয় উৎসৱৰ । শৰৎ কালৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু দুৰ্গাপূজা । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে পূজাৰ পূৰ্ব প্ৰস্তুতি ।

৩৯ বছৰীয়া দেৰগাওঁ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ লাই খুটা স্থাপন কৰা হয় ভূপেন হাজৰিকা জন্মজয়ন্তী শুভ ক্ষণত দেৰগাওঁ নৰেন শৰ্মা স্মৃতি পথাৰত ৷ লাই খুটা স্থাপন কৰা পাছত পূজা কমিটিৰ কাৰ্য্যকৰ্তা সকলে নৰেন শৰ্মা স্মতি পথাৰত অৱস্থিত ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্ত্তি তলত এগচি চাকিৰ লগতে তেওঁক পুষ্প মালা পিন্ধাই মহান মনীষী জনক জন্ম জয়ন্তী দিনা ষ্মৰণ কৰে ।