তিনিচুকীয়াৰ জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাকুম নতুন গান্ধী নগৰৰ নিবাসী দেৱজিৎ বৰুৱাই ডিগবৈস্থিত IOC ত এজন গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল।

বিগত ২০২০ চনত দেৱজিৎ বৰুৱাৰ কৰ্ম স্থানৰ পৰা ঘৰমুৱা হওঁতে পথ দুৰ্ঘটনাত পতিত হোৱাত দীৰ্ঘ দিন ধৰি অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

উন্নত মানদণ্ডৰ চিকিৎসাৰ অভাৱৰ ফলত দেৱজিৎ বৰুৱাই ২০২১ বৰ্ষত নিয়তিৰ ওচৰত হাৰ মানিলে।


মৃত্যু পাছত দেৱজিৎ বৰুৱাই এৰি থৈ যায় পত্নী সহ ২০ বছৰীয়া পুত্ৰ, স্নাতক প্ৰথম বৰ্ষত অধ্যয়নৰত ১৮ বছৰীয়া কন্যা আৰু ৮ বছৰীয়া এটি পুত্ৰ সন্তান।

গৃহৰক্ষী জোৱান দেৱজিৎ বৰুৱাৰ পত্নী সবিতা বৰুৱাই গাঁঠি ধনৰ পৰা লৈ ঘৰৰ সৰ্বস্ত হেৰুৱাবলগীয়া হয় দেৱজিৎ বৰুৱাৰ চিকিৎসাৰ নামত।


স্বামীৰ নামত পাবলগীয়া চৰকাৰী বিভিন্ন ধৰণৰ সাহায্যৰ লগতে অকাল মৃত্যুৰ ন্যায়ৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি দিশহাৰা হৈ পৰিছে পত্নী সবিতা বৰুৱাই।

সেয়েহে অঞ্চলটোৰ ৰাইজ একত্ৰিতহৈ সংবাদমাধ্যমৰ কাষ চাপিবলৈ বাধ্য হোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক ন্যায় প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।