আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ৯৬ সংখ্যক ওপজা দিন ।

মঙলদৈত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে সুধাকন্ঠৰ ওপজা দিন ।

পুৱা প্ৰথম কাৰ্যসূচী হিচাবে আয়োজন কৰে প্ৰভাত ফেৰীৰ ।

সাংবাদিক মুকুট ৰাজ শৰ্মা ই প্ৰভাত ফেৰী উদ্বোধন কৰাৰ পিছতে সুধাকন্ঠৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ ।

লগতে দিনজোৰা কৈ বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হব বুলি কয় ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ বিষয়ববীয়া সকলে ।