সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাবে সাজু সোণাৰি মহাবিদ্যালয়। সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত।

চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। ১৯৭০ চনৰ ৫ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অহা ৯,১০ আৰু ১১ চেপ্তেম্বৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। মন কৰিবলগীয়া যে সোণাৰিৰ একাংশ সমাজ-সচেতন, দূৰদৰ্শী আলোকসন্ধানী, জ্ঞানান্বেষী, স্বপ্নদ্ৰষ্টাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা সোণাৰি মহাবিদ্যালয়খনেই বৃহত্তৰ সোণাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হিচাপে পৰিচিত আছিল। পৰৱৰ্তী সময়ত সোণাৰি আৰু ইয়াৰ আশে-পাশে বহুকেইখন উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিল যদিও জন্মলগ্নৰেপৰা আজিকোপতি সোণাৰি মহাবিদ্যালয়ৰ গৰিমা অক্ষুণ্ণ আছে। প্ৰতি বছৰেই শ শ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনে ইতিমধ্যে ২০২০ বৰ্ষতেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে যদিও মহামাৰী ক'ভিদজনিত পৰিস্থিতিৰ বাবে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি পিছুৱাই দিয়া হৈছিল।

উল্লেখ্য যে, প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক সভাপতি, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈক মুখ্য সম্পাদক হিচাপে লৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতি গঠনৰ জৰিয়তে ইতিমধ্যে আৰম্ভণি অনুষ্ঠান ২০১৯ বৰ্ষত অনুষ্ঠিত কৰাৰ উপৰিও বিগত সময়ছোৱাত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে মহাবিদ্যালয়খনে। ইয়াৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনে অতিক্ৰম কৰা সুদীৰ্ঘ পৰিক্ৰমাক ৰোমন্থনৰ লগতে আগন্তুক দিনত সোণাৰিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনে কেনেদৰে দিক নিৰ্ণায়কৰ ভুমিকা পালন কৰিব পাৰে সেই উদ্দেশ্য সমুখত লৈ বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আয়োজন কৰা হৈছে।

সোণালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী অনুসৰি ৯ চেপ্তেম্বৰত পুৱা উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈয়ে সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰাৰ লগতে অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে মহাবিদ্যালয়ৰ পতাকা আৰু ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰিব। আনহাতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণৰ পাছতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ইয়াৰ পাছতেই অন্যান্য কাৰ্যসূচীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতী‌ৰ্থ সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰিও সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ১০ ছেপ্টেম্বৰত দুপৰীয়া অসম চৰকাৰৰ উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে উদ্বোধন কৰিবলগীয়া "অসমৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" বিষয়ক আলোচনা চক্ৰখন সঞ্চালনা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° গিৰিণ ফুকনে। আলোচক হিচাপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোহাঁই আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত। আনহাতে অন্তিম দিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোকশিল্পী খগেন গগৈয়ে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা পাছত উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জীতেন হাজৰিকাই উদ্বোধন কৰিবলগীয়া মুকলি সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° অলক কুমাৰ বুঢ়াগোহাঁই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিবলগীয়া মুকলি সভাত ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু, ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ইফালে মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ তথা বিভিন্ন দল-সংগঠনৰ নেতা আৰু ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।