সাম্প্ৰতিক সময়ত জন্মদিন মানেই এক ব্যয়বহুল আয়োজন। উৎসৱমুখৰ পৰিৱেশত নিজা ঘৰত অথবা বিলাসী হোটেলত ৰং ৰইছেৰে উদযাপন কৰে জন্ম দিন।
কিন্তু আজি আমি নুমলীগড়ৰ তেলগৰমৰ এটি শিশুৱে জন্মদিন উদযাপন কৰিলে ব্যতিক্ৰমী ৰূপত। নুমলীগড়ৰ তেলগৰমৰ নিবাসী বিশিষ্ট সাংবাদিক, সমাজকর্মী প্রিয়ংদ্বীপ কাকতি আৰু বৰ্ণালী কাকতিৰ একমাত্ৰ সন্তান অভ্ৰনীল কাকতিৰ আজি জন্ম দিন। ১০ বছৰ সম্পূৰ্ণ কৰা অভ্ৰনীলে নিজৰ জন্ম দিন পালন কৰিলে ব্যতিক্ৰমী ৰূপত। শিশুটিয়ে জন্মদিনটো খালী টিনৰ বাকচ সংগ্ৰহ কৰি নিজ হাতেৰে ৰং তুলিকা লৈ ৰং কৰি সাজিলে ডাষ্টবিন। ৰঙীন ডাষ্টবিনসমূহ ঘৰৰ ওচৰৰ বিদ্যালয়, পথৰ দাঁতিত ব্যৱহাৰ উপযোগী হোৱাকৈ স্থাপন কৰে। ইপনে সৃষ্টিশীল মনোভাৱৰ অভ্ৰনীলে ৰোপন কৰিলে কেইবাজোপাও গছৰ পুলি। উল্লেখযোগ্য যে সৰু পৰা অসহায়লোকৰ কাৰণে কিবা কৰাৰ দুৰ্বাৰ হেঁপাহ, প্ৰবল হাবিয়াস থকা অভ্ৰনীলে পিতৃৰ সহায়ত বস্ত্ৰ, খাদ্য আদি বিতৰণ কৰি আহিছে বিগত সময়ত। ভাওনা, অভিনয়, গীত মাত আদিতো পাৰ্গত অভ্ৰনীল। অভ্ৰনীলে নিজৰ জন্মদিনটোত ব্যতিক্ৰমী কৰ্ম আঁচনি ৰূপায়ন কৰি সমাজৰ বাবে এক সুকীয়া বাৰ্তা প্ৰেৰণ কৰিছে। অভ্ৰনীলৰ পদক্ষেপ সঁচাই প্ৰশংসনীয়। সকলোকে এপলক ভাবিবলৈ বাধ্য কৰালে। নুমলীগড়ত ১০ বছৰীয়া অভ্ৰনীল কাকতিয়ে ব্যতিক্ৰমী ৰূপত পালন কৰা জন্ম দিনটোক লৈ চলিছে ব্যাপক চৰ্চা। অভ্ৰনীল নুমলীগড়স্থিত দিল্লী পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। ইপনে অভ্ৰনীলে জন্ম দিনটো নিজৰ দিন হিচাপে লৈ সমাজৰ হিতে কাম কৰিবলৈ আহ্বান জনাইছে।