ধেমাজি নগৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আজি তথৈবছ ৰূপ । ৰাষ্টীয় ঘাইপথ নহৈ যেন মীন বিভাগৰ ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিহে ৰূপায়ণ হৈছে এতিয়া সকলোৰে তেনে অনুভৱে হৈছে, কাৰন গোটেই ঘাইপথটোত ডাঙৰ ডাঙৰ গাঁত । ৰাষ্ট্ৰীয় ঘাইপথ টোৰ কাষতে আছে ধেমাজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, গড়কাপ্তানি বিভাগৰ অধীক্ষক অভিযন্ত্রা, কাৰ্যবাহী অভিযন্ত্রা, সহকাৰী কাৰ্যবাহী অভিযন্ত্রা, যুটীয়া স্বাস্থ্য সঞ্চালক, জলসম্পদ বিভাগৰ আদি কাৰ্যালয় । সকলো চৰকাৰী কৰ্মচাৰী, ছাত্র-ছাত্রী, ৰোগী, জেষ্ঠ নাগৰিক তথা সৰ্বসাধাৰণ ৰাইজে সেইটো পথেৰে অহা যোৱা কৰি ত্রাহি মহুসুধন সোঁৱৰিছে । জিলাখনৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, জোনাই বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱা, অভিভাৱক মন্ত্রী সঞ্জয় কিষাণকে ধৰি বিভিন্ন মন্ত্রী-সাংসদ, চৰকাৰী উচ্চপদস্থ বিষয়াই সেইফালেদিয়ে অহা যোৱা কৰে যদিও আজিলৈকে কোনোৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে । সম্পূৰ্ণ মেৰামতি কৰাৰ দূৰৰ কথা নেতা-মন্ত্রী-সাংসদে স্থানীয় গড়কাপ্তানি বিভাগক কৈ গাঁত কেইটাও পোটাৱ নোৱাৰিলে । সেয়েহে আজি ৰাতিপুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা , সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কৰুণজ্যোতি চেতিয়া, সাধাৰণ সম্পাদক ৰন্টু গগৈৰ ,ধেমাজি মহকুমা ছাত্র সন্থাৰ উপ-সভাপতি পুলকিত দত্ত , মহকুমা ছাত্র সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা নেতৃত্বত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ শতাধিক কৰ্মীয়ে হাতে হাতে কোৰ, বেলচা লৈ ছেণ্ড গ্ৰেভেলেৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডাঙৰ ডাঙৰ গাঁতবোৰ পোতাত নামি পৰে । কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত আঞ্চলিক ছাত্র সন্থাৰ সভাপতি-সম্পাদকে কয় যে

ছাত্র সন্থাই বাৰে বাৰে বিধস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও অসম চৰকাৰৰ দেউলীয়া অৱস্থা, মন্ত্ৰী-সাংসদ বিধায়কৰ কতৃত্বহীনতা তথা জিলা প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবে সেইয়া হৈ উঠা নাই । ধেমাজি আঞ্চলিক ছাত্র সন্থাই যোৱা ১১ জুলাইতে জিলা উপায়ুক্তক পথটো মেৰামতি কৰিবলৈ স্মাৰক পত্র প্ৰেৰণ কৰাৰ পাছত জিলা উপাযুক্তই ডিব্ৰুগড়ত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যবাহী অভিযন্ত্রালৈ ২৬ জুলাই ২০২২ তাৰিখে চিঠি নং ডিডি/ডিচিপি.২০৫/পিডব্লিউডি/২০২১-২২/পিটি-আই/৫ জৰিয়তে তাৎক্ষণিক ভাৱে মেৰামতি কৰিবলৈ দাবী জনাইছিল যদিও ধেমাজি জিলা উপায়ুক্তৰ কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ বিষয়াই কোনো গুৰুত্বই নিদিলে ।প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আহিলে ৰাতিটোৰ ভিতৰতে ৰাস্তা বনাব পৰা গডকাপ্তানি বিভাগে কিয় এতিয়া সামান্য গাত কেইটাকে পুতিব নোৱাৰে । স্থানীয় মন্ত্রী, বিধায়ক, সাংসদ, অভিভাৱক মন্ত্রীৰ সাধাৰণ ৰাইজ, ছাত্র-ছাত্রী, ৰুগী আদি সকলৰ প্ৰতি কোনো গুৰুত্বই নাই । ছাত্রনেতা দ্বয়ে মুখ্যমন্ত্রীকো কটাক্ষ কৰি কয় "মুখ্যমন্ত্রী মহোদয় আপুনি বাৰে বাৰে আন্দোলনৰ পৰিবেশ নাইকিয়া হ'ল বুলি কোৱা এইখন অসমৰে আমাৰ ধেমাজি জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুনৰ নিৰ্মাণ তথা মেৰামতি বাবেও আন্দোলন কৰিব লগীয়া হোৱা কাৰ্যই আপোনাৰ চৰকাৰৰ চূড়ান্ত ব্যথতাকে সূচাইছে" । কাৰ্যসূচীৰ জৰিয়তে ছাত্র সন্থাই অনতিপলমে ঘাইপথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় অন্যথা পথ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হলে এইক্ষেত্রত চৰকাৰ আৰু জিলা প্ৰশাসনে জগৰীয়া হব বুলি সকীয়াই দিয়ে