সোণাৰিত চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে "কৰ্ম পূজা"। 

চাহ জনগোষ্ঠীৰ লোকসকলৰ এটা বিশেষ উৎসৱ কৰম পূজা সোণাৰিত উদযাপন।

অসমত কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয় । ভাদ , আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সর্বজনীন,জনপ্ৰিয় আৰু তাৎপৰ্য্যপূর্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্রকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় । তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।