বৰহাটত সদৌ অসম আদবাসী ছাত্র সন্থাৰ উদ্যোগত নগাহাট চাহ বাগিচা খেলপথাৰ কৰম উৎসৱ উদ্ যাপন। 

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,চমুকৈ আছাৰ নগাহাট চাহ বাগিচা ,কছাৰী গাওঁ প্ৰাথমিক সমিতিৰ উদ্যোগত তথা কলাকটা, জংগলবস্তি,ধনেখনা, শান্তিপুৰ সহযোগত নগাহাট চাহ বাগিচাৰ খেল পথাৰত তৃতীয় বাৰ্ষিক কৰম উৎসৱ পালন কৰে।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে আছা নগাহাট চাহ বাগিচা,কছাৰী গাওঁ প্ৰাথমিক সমিতিৰ সভাপতি অভিজিৎ মুৰ্মূয়ে, স্মৃতি তৰ্পন কৰে আছা,সাপেখাতী আঞ্চলিকৰ সাংগঠনিক সম্পাদক আনমল হৰ।ইয়াৰ পাছতে কৰম কাহিনী কওঁতা,বিয়লি নগাহাট চাহ বাগিচাৰ প্ৰাথমিক শাখাৰ সভাপতি অভিজিৎ মুৰ্মূৰ পৌৰোহিতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে আছাৰ চৰাইদেউ জিলাৰ সম্পাদক ইমিল ধানুৱাৰ,আছাৰ বৰহাট আঞ্চলিকৰ সভাপতি বিনোদ খেছ প্ৰমুখ্যে ভালেকেইজন আদিবাসী ছাত্র সংগঠনৰ নেতা,সমাজকৰ্মী ,বিশিষ্ট লোকে সভাত অংশগ্ৰহণ কৰে।আনহাতে আখৰা ঘৰত কৰমতী সকলৰ নীতি নিয়ম পালন ,নৃত্য, তদুপৰি যুৱক যুৱতী সকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।