অসমৰ শিপিনীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসমৰ মুখ্যমন্ত্রীয়ে "স্বনিৰ্ভৰ নাৰী" শীর্ষক এখন ধ্বজাবাহী আঁচনি ঘোষণা কৰিছে । এই আঁচনিৰ অধীনত শিপিনীসকলে তেওঁলোকৰ উৎপাদিত বস্ত্ৰ , যেনে ফুলাম গামোছা, আৰ'নাই , কাৰ্বিপহ ', ৰাভাপাজাৰ, মণিপুৰী খুদেই মিচিং ডুমেৰ, তিৱা ফালি আদি প'ৰ্টেলৰ যোগেদি পোনপটীয়াকৈ বিক্রি কৰিব পাৰিব । ইয়াৰ কাৰণে শিপিনীসকলে swanirbharnari.assam.gov.in প'ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব । এই পঞ্জীয়ন ব্যৱস্থা ১৯ জুলাই ২০২২ - ৰ পৰা ৩ ছেপ্তেম্বৰ ২০২২ - লৈ খোলা থাকিব । বিভাগীয় ক্ষেত্রভিত্তিক অনুসন্ধান সাপেক্ষেহে পঞ্জীয়ন গৃহীত কৰা হ'ব । আবেদনকাৰীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাৰ উপৰিও নিজাকৈ অন্ততঃ এখন তাঁতশাল থাকিব লাগিব । ওপৰত উল্লেখ কৰা প'ৰ্টেলৰ যোগেদি আঁচনিখনৰ বিষয়ে বিশদভাবে জানিব পাৰিব । 

সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে : 

১ ) মৃগেন দাস জ্যেষ্ঠ পৰিদৰ্শক / হিচাপ পৰীক্ষক , ফোন 7576090959

 ২ ) প্রীতিমা চাংমাই পৰিদৰ্শক , বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰ , ফোন 7002088070 

৩ ) ৰাণা শ‍ইকীয়া , প্ৰদৰ্শক , ফোন- 9435358294 , 

৪ ) চিৰাজুল হক , প্রদর্শক , ফোন 6000273248 

৫ ) ইছমাইল হুছেইন , প্রদর্শক, ফোন- 7002883249