সৱল নাৰী , স্বাক্ষৰ শিশু , সুস্থ ভাৰতৰ লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো উজনি মাজুলী সংহত শিশু বিকাশ উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু উজনি মাজুলী উন্নয়ণ খণ্ডৰ সহযোগত আজি সজাগতা যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ 

জেংৰাইমুখত সৱল নাৰী , সাক্ষৰ শিশু , সুস্থ ভাৰতৰ লক্ষ্যেৰে উজনি মাজুলীৰ জেংৰাই আৰু চেৰেপাই গাঁও পঞ্চায়তৰ অংগনাবাড়ী কৰ্মী , সহায়িকা সকলে পঞ্চায়ত দুখনৰ প্ৰায়  ১০ দহখন গাঁও ঘুৰি সজাগতাৰ সৃষ্টিৰ বাবে পদযাত্ৰী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

পুষ্টিহীনতা দুৰ কৰা , শিশু স্বাস্থ্য সুৰক্ষা দিয়া , পুষ্টিকৰ খাদ্য খোৱাৰ সজাগতা সৃষ্টিৰ বাবে হাতে হাতে প্লেকাৰ্ড আৰু পুষ্টিকৰ খাদ্য সজাগতা ৰেলি ৰূপায়ণ কৰে ৷