আজিও অশান্ত ধেমাজি অসম-অৰুণাচল সীমান্ত জয়ৰামপুৰ অঞ্চলৰ পানবাৰী,কেচাঁকাঠনী। বছৰী বিবদমান অঞ্চল পৰিদৰ্শন কৰিবলৈ মন্ত্ৰী, বিধায়ক আহে আৰু যায় কিন্তু সমস্যা সমস্যা হৈয়ে ৰয়।

তিনিটা দিনৰ পূবে বিবদমান অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা মন্ত্ৰী জয়ন্ত বৰুৱাই সংবাদ মাধ্যমত কৈছিল যে পানবাৰী, কেঁচাকাঠনীত কোনো ধৰণৰ সীমা সমস্যা নাই বুলি কোৱা মন্তব্যত জাঙুৰ খাই উঠিছে সীমান্ত বাসি।

উল্লেখ্য যে ১৯৪০ চনৰে পৰা জয়ৰামপুৰ অঞ্চলৰ পানবাৰীত বসবাস কৰা লোকৰ মন্তব্য অনুসৰি উক্ত বিবদমান স্থানত কোনো অৰুণাচলী লোকে বসবাস কৰা নাছিল বুলি দাবী কৰে। বৰ্তমানে ভূমি আগ্ৰাসন কৰিব বিচৰা অৰুণাচল ৰ কেইটামান পৰিয়াল সেইসময়চোৱাত পাহাৰৰ মাজৰ তিনিসূতী নামৰ ঠাইত বসবাস কৰিছিল। আৰু এঘৰ দুঘৰকৈ ক্ৰমান্বয়ে ভৈয়ামলৈ নামি আহি ঘৰ সাঁজি,কাটা তাঁৰ বেৰি,অসমৰ ভূমি আগ্ৰাসন কৰিবলৈ ল'লে। আনহাতে ১৯৯৫ চনৰ পিছত অসমৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলে জয়ৰামপুৰ অঞ্চলৰ কেঁচা কাঠনীত গাওঁ পাতি বসবাস কৰে আৰু এই গাঁৱৰে এগৰাকীয়ে নিজকে গাওঁ বুঢ়া বুলি পৰিচয় দি অৰুণাচলীক ভূমি আগ্ৰাসন কৰাত সহায় কৰা কাৰ্যত তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় লোকে।