কেন্দ্ৰ আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ চৰকাৰ থাকিলেও দলীয় সাংগঠনিক কামত পিছ পৰি ৰোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় ভেঁটি শক্তিশালী কৰিবলৈ জিলাই জিলাই আৰম্ভ কৰিছে বৃহত যোগদান কাৰ্যসূচী । ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মন্ত্ৰী যোগেন মহনৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এক বৃহৎ যোগদান কাৰ্যসূচী। মৰাণ সমষ্টিৰ খোৱাং আৰু লৰুৱা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত প্ৰায় দুই হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। বিশেষকৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ ভিতৰত ধেমেচী পঞ্চায়তৰ কংগ্ৰেছ সভাপতি অতুল চাংমাই, নাহৰণি পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ ৰূপজ্যোতি শেনচোৱা, ৰাংচালি পঞ্চায়তৰ প্ৰাঃ সভাপতি অশোক কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্ণ ভোজেল আৰু সমাজকৰ্মী কমলা ৰাইদঙীয়া, কংগ্ৰেছ দলৰ খোৱাং ব্লক সমিতিৰ প্ৰাঃ সভাপতি পাউলোচ ঘাটোৱাৰকে ধৰি দুই হাজাৰ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে কয়, কংগ্ৰেছ এতিয়া দুবন্ত নাও, কংগ্ৰেছৰ ভাল কৰ্মী সকল বিজেপিলৈ আহিছে। কংগ্ৰেছ দলত এতিয়া কোনো নীতি নাই, কোনো নেতা নাই সেয়ে বিজেপিৰ উন্নয়ন মূলক কাম সমূহৰ বাবে সকলো বিজেপিলৈ আহিছে । উল্লেখযোগ্য যে একেটা প্ৰেক্ষাগৃহতে দুদিনমানৰ পূৰ্বে আম আদমি পাৰ্টীত বহু সংখ্যক লোকে যোগদান কৰিছিল । আপৰ এই যোগদান কাৰ্য্যসূচীক লৈ মৰাণত ব্যাপক চৰ্চা হোৱাও দেখিবলৈ পোৱা গৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নলবাৰীৰ বালিকুছিৰ শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
নলবাৰীৰ বালিকুছিৰ শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
ગુજરાત હાઇકોર્ટ દ્વારા આયોજિત નિર્ભયા બ્રિગેડ ઓરિએનટેશન પ્રોગ્રામ માં પોકસો કાયદા પર નાટિકા પ્રસ્તુત કરવામાં આવી
દાહોદના કલાકારો દ્વારા નામદાર ગુજરાત હાઇકોર્ટ દ્વારા આયોજીત નિર્ભયા બ્રિગેડ...
भडगाव : शेतकर्याचा मुलगा बनला मंञालयात सहकार अधिकारी अन धुळे जि. प. ला लेखाधिकारी.
शेतकर्याचा मुलगा बनला मंञालयात सहकार अधिकारी अन धुळे जि. प. ला लेखाधिकारी.
वाडे येथील विनय...
Jio ने पेश किया नया अनलिमिटेड 5G प्लान, 84 दिनों की वैलिडिटी के साथ मिलेगा फ्री OTT सब्सक्रिप्शन; जानें कीमत
Jio Rs 909 Recharge Plan रिलायंस जियो की वेबसाइट के अनुसार 909 रुपये का एंटरटेनमेंट प्लान...