কৃষক মুক্তিৰ উপদেষ্টা তথা ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰৰ নেতৃত্বত অহা দলটোৱে ঢকুৱাখনা কৃষক নেতা হৰেন গগৈৰ ঘৰত উপস্থিত হৈ মাত লগালে পত্নী পুত্ৰ আৰু আত্মীয়ক ।
ফেচবুকত চৰকাৰৰ বিৰোধী পোষ্ট দিয়াৰ অপৰাধত যোৱা19 জুলাইত ঘিলামৰাৰ আৰক্ষী যে গ্ৰেপ্তাৰ কৰি লখিমপুৰ জিলা কাৰাগৰত বন্দী কৰি ৰখা হৰেন গগৈৰ মুক্তি বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰৰ নেতৃত্বতই সকলো ব্যৱস্থাৰ গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
70 বছৰীয়া এজন ৰুগীয়া বৃদ্ধ লোকক নিজৰ বাক স্বাধীনতা খৰ্ব কৰি অন্যায় ভাবে জেল হাজোতত ভৰাই ৰখা কাৰ্যক কৃষক মুক্তিৰ নেতৃত্ব ই তীব্ৰ গৰিহণা দিয়ে আৰু বিনা চৰ্তে হৰেন গগৈক মুক্তিৰ দাবী জনায়।
উল্লেখযোগ্য হৰেন গগৈয়ে নদীবান্ধ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি দুবাৰকৈ কাৰাবাস খাটিছিল।