১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ কৃতী শিক্ষকৰ বঁটা 

চৰাইদেউ জিলাত ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন

১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ কৃতী শিক্ষকৰ বঁটা

 দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো জিলা প্ৰশাসনৰ সৌজন্যত আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসটি এক আড়ম্বৰপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়। 

সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অনুষ্ঠানটি সভাপতিত্ব কৰে উপায়ুক্ত পল বৰুৱাই। 

মুখ্য অতিথিৰ ভাষণত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতৰ জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰে। তেওঁ জিলাখনৰ শিক্ষকসকলক তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। নিজ বক্তব্যত তেওঁ কয় যে, শিক্ষক-ছাত্ৰই একেলগে আগবাঢ়িলেহে দেশ নিৰ্মাণ সম্ভৱ হ'ব। শিক্ষা খণ্ডত দেখা দিয়া প্ৰত্যাহ্বান সমূহক সম্ভাৱনীয়তালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত শিক্ষক সকলে গুৰুত্ব দিয়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ সুশিক্ষাৰে শিক্ষিত কৰি নৱ প্ৰজন্মক দেশ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰসৰ হ'বলৈ উৎসাহিত কৰিবলৈ শিক্ষাগুৰু সকলক আহ্বান জনায়। 

উপায়ুক্ত পল বৰুৱাই তেওঁৰ ভাষণত কয় যে, গুৰু সকলে জ্ঞান দিয়াৰ বাবেই আমি প্ৰত্যেকেই সমাজত চিনাকি দিব পাৰিছোঁ। সেয়েহে, শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া উচিত। আজিৰ প্ৰতিযোগিতামূলক যুগত ছাত্ৰ-ছাত্ৰী সকলক সকলো প্ৰত্যাহ্বানৰ বাবে শিক্ষাগুৰু সকলে সাজু কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ অনগ্ৰসৰ এলেকা যেনে চাহ-বাগিচা অঞ্চল সমূহত ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ প্ৰতি ধাউতি বৃদ্ধিৰ বাবে বিশেষকৈ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ নিজ বক্তব্যত নতুন শিক্ষা নীতিৰ ওপৰতো চমুকৈ আলোকপাত কৰে।

অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱাই মনোগ্ৰাহী আৰু সৰগৰ্ভ বক্তব্য ৰাখে। নৱ-প্ৰজন্মক দেশৰ উৎকৃষ্ট মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষাগুৰুৰ ভূমিকা অপৰিসীম বুলি তেওঁ অভিহিত কৰে। তেওঁ কয় যে, ভাৰতবৰ্ষত শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞাৰ পৰম্পৰা অতি প্ৰাচীন। অতীজৰে পৰাই গুৰুক পিতৃ-মাতৃৰ সৈতে দেৱতুল্য জ্ঞান কৰা হৈছে বুলি তেওঁ কয়। তেওঁ সমাজ আৰু সংস্কৃতি ৰক্ষাৰ বাবে শিক্ষা আৰু জ্ঞানৰ অনিৰুদ্ধ ধাৰা অব্যাহত ৰখাৰ পোষকতা কৰে। তেওঁ শিক্ষাগুৰু সকলক ছাত্ৰ-ছাত্ৰীৰ মনত জ্ঞান আহৰণৰ স্পৃহা জগাই তোলাৰ বাবে আহ্বান জনায়। 

অনুষ্ঠানটিৰ আৰম্ভণিতে স্থানীয় শিল্পীৰ দ্বাৰা গঠিত তেজস্বিনী, চৰাইদেউ গোটৰ শিল্পীসকলে গুৰু বন্দনা পৰিবেশন কৰাৰ পিছতে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা পুস্তিকাখনো এই সভাতেই উন্মোচন কৰা হয়। 

এই অনুষ্ঠানতেই জিলাখনৰ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে ঔগুৰি লুখুৰাখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ শ্যাম, আটাল কঠিয়াখুন্দা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন গগৈ, নগামাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন দেউঘৰীয়া, সেউজীপাম আদিবাসী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অজন্তা হাজৰিকা, ৭৫৩ নং কলিয়ামাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমানুল হাজৰিকা, মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন চাংমাই, খাৰঘৰীয়া ডবা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক সুৰেশ মহন, দিৰৈ ৰিজাৰ্ভ নাহৰণীবাম মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক অনন্ত কলিতা, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতুমণি ভূঞা, মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নৱকান্ত শইকীয়া, পাটসাঁকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিৰণ্য ফুকন, গড় চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উত্তম কুমাৰ দেউৰী, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী নাছৰিন হুছেইন, ডিপ্লিং তিনিয়ালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তিলেশ্বৰ খামন, আলহাজ জে আহমেদ সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোজ চেতিয়া আৰু পূৰ্বাঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰাগ গগৈক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰা হয়। 

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক প্ৰণৱ গগৈ, সাপেখাতিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সঞ্জীৱ শৰ্মাৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিশুক-শিক্ষয়িত্ৰী আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।