তিনিচুকীয়া জিলা শিক্ষা বিভাগে  ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদ্‌যাপন কৰে ৷

শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব ধনদেৱ মহন্তই।  

বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি  শুভাৰম্ভ কৰা অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তি শৰ্মা উপস্থিত থাকে ৷

বন্তি প্ৰজ্বলনৰ পাছতে পানীতোলা উচ্চতৰ আৰু পানীতোলা ছোৱালী হাইস্কুলৰ শিক্ষকবৃন্দই সমবেত সংগীত পৰিবেশন কৰাৰ লগতে সভাত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই ৷

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মাই নতুন শিক্ষানীতিৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ৷

তেখেতে তাহানিৰ শিক্ষানীতিৰ সৈতে আজিৰ শিক্ষানীতি বিশেষকৈ নব্বৈৰ দশকৰ পাছত বিশ্বায়নৰ প্ৰভাৱ আৰু ন ন কৌশল সম্বলিত ইন্টাৰনেটে বহু পৰিবৰ্তন আনিছে বুলিও উল্লেখ কৰে ৷  

প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে  ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰোতে যিসমূহ দিশ চালিজাৰি চাব লাগে তাত কেতিয়াও হীনদেৰি কৰিব নালাগে বুলিও কয় ৷

জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী আৰু অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে সভাত ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদান অতুলনীয়  বুলি উল্লেখ কৰাৰ লগতে শিক্ষকসমাজক  ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকৃত মাৰ্গদৰ্শক বুলিও উল্লেখ কৰে ৷

আজিৰ সভাত জিলাখনৰ অৱসৰপ্ৰাপ্ত কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ কেইবাগৰাকী কৃতী শিক্ষক শিক্ষয়িত্ৰীক ফুলাম গামোচা, মানপত্ৰ, শৰাইৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে জিলা প্ৰশাসনৰ হৈ সম্বৰ্ধিত কৰে ৷

দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত  জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷