কাকপথাৰৰ বিভিন্ন বিদ্যালয়ত গৈ শিক্ষক সকলক মৰাণ ছাত্ৰ সন্থাৰ ধন্যবাদ পত্ৰ প্ৰদান।

কাকপথাৰ অঞ্চলৰ বিদ্যালয় সমূহৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে ছাত্র-ছাত্রী সকলক প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াত যি অবিৰত অৱদান আগবঢ়াই আহিছে সেই ত্যাগক সন্মান জনাই আজি শিক্ষক দিৱসৰ এই পৱিত্র দিনটোত কাকপথাৰ আঞ্চলিক মৰাণ ছাত্র সন্থা আৰু কাকপথাৰ আঞ্চলিক মৰাণ জাতীয় মহিলা পৰিষদে কাকপথাৰ অঞ্চলৰ শিক্ষাগুৰু সকলক শ্ৰদ্ধাৰে ধন্যবাদ পত্র প্ৰদান কৰে ॥