◆যোৰহাটৰ জিলা পুথিভঁৰাল ত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত দিনযোৰা ভাৱে অনুষ্ঠিত হয় ৬১ সংখ্যক শিক্ষক দিৱস ।
যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সভাপতি, জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া লগতে জিলা খনৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ ২০০০ ত কৈ অধিক শিক্ষক -শিক্ষয়িত্ৰী সমবেত হৈ দিৱসটি উদযাপন কৰে । দিৱসৰ লগত সংগতি ৰাখি জিলা সমিতিৰ সভাপতি ত্ৰিদীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খনিত উন্মোচন কৰা হয় দ্বীপশিক্ষা নামৰ এখন বাৰ্ষিক মুখপত্ৰ ।