বীৰ লাচিত সেনাৰ গুৱাহাটী মহানগৰ সমিতিৰ চাৰি সদস্যক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ।
এইবাৰ উক্ত ঘটনা সন্দৰ্ভত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া আঞ্চলিক বীৰ লাচিত সেনাই ।
সংগঠনটোৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতিশীঘ্ৰে চাৰিও গৰাকী লাচিত সেনাৰ সদস্যক বিনাচৰ্তে মুক্তিৰ দাবী জনোৱাৰ লগতে শীঘ্ৰে মুকলি নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।