সোণাৰি জুনিয়ৰ কলেজে প্ৰদান কৰা ' শিক্ষাজ্যোতি বঁটা' এইবাৰ বৰহাট জাতীয় বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক ক্ষমা প্ৰসাদ বৰুৱাক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বটাপ্ৰাপক ক্ষমা প্ৰসাদ বৰুৱাই 1994 চনৰ পৰা বৰহাট নিউ হাইস্কুলত শিক্ষকতা কৰাৰ পাছত 2009 চনৰ পৰা বৰহাট জাতীয় বিদ্যালয়ত শিক্ষকতা কৰি আছে আৰু বৰহাটৰ দৰে এটা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰি তুলিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। 2012 চনত টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত চৰকাৰী শিক্ষক হিচাপে নিযুক্তি পাইছিল যদিও যোগদান নকৰিলে।শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত তেখেত জনপ্ৰিয়।অংকৰ দৰে বিষয় এটাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৰ্ষণ বৃদ্ধি কৰি সকলোকে এটা ভাল লগা আৰু সহজ বিষয়লৈ পৰিণত কৰিব পৰাতো তেখেতৰ সাফল্য।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

     প্ৰত্যেক বছৰে ৫ চেপ্তেম্বৰত প্ৰদান কৰা এই বঁটাত এখন মানপত্ৰ,এখন স্মাৰক,নগদ দহ হাজাৰ টকা,এখন সফুঁৰা আৰু এটি কিতাপৰ টোপোলা আগবঢ়োৱা হয়।চৰাইদেউ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান সোণাৰি জুনিয়ৰ কলেজে (বৰ্তমান সোণাৰি ছিনিয়ৰ চেকেণ্ডেৰী স্কুল) চৰাইদেউ জিলাৰ বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ শিক্ষকসকলৰ মাজৰ পৰা এই বঁটাৰ বাবে শিক্ষকসকলক নিৰ্বাচন কৰি আহিছে।শিক্ষক দিৱসৰ দিনা চৰকাৰে কেইবাগৰাকীও শিক্ষকক কৃতি শিক্ষকৰ সন্মান আগবঢ়াই যদিও বেচৰকাৰী শিক্ষকসকল এই সন্মানৰ পৰা বঞ্চিত হৈ আহিছে। কিন্তু ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষকসকলেও উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। সোণাৰি জুনিয়ৰ কলেজে কেৱল চৰকাৰী খণ্ডৰ বাহিৰত থকা শিক্ষকসকলকহে এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। প্ৰথম পৰ্যায়ত কেৱল চৰাইদেউ জিলাৰ মাজত এই বঁটাৰ পৰিসৰ সীমিত আছে যদিও পৰৱৰ্তীকালত অসম ভিত্তিত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব দিছে শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষই।