মাহমৰাত অসম গণ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন 

মিত্ৰজোঁট অগপক এলাগি কৰাৰ ক্ষোভ যুৱ পৰিষদৰ

 অসম গণ পৰিষদৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা বিধান পৰিষদৰ এখনি সাংগঠনিক সভা আজি সমষ্টিটোৰ ডবা পঞ্চায়ত এলেকাৰ খাৰঘৰীয়া ডবা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷অগপৰ মাহমৰা বিধান পৰিষদৰ সভাপতি পূৰ্ণানন্দ চুতীয়াই পৌৰোহিত্য কৰা সভাত উদেশ্য ব্যাখ্যা কৰে বিধান পৰিষদৰ সম্পাদক ভৱানী গগৈয়ে ৷ সভাত দলৰ সাংগঠনিক দিশত আলোচনা কৰা লগতে সদস্য ভৰ্তি,নবীকৰণ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে আলোচনা কৰা হয় ৷ সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নাৰায়ন লাহন,কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য যতীন লেখাৰু,চাহকোষৰ সাংগঠনিক সম্পাদক ৰুণু চবৰ,অগপৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ফুকন,সম্পাদক ক্ষীৰুদ বৰুৱা,অগপৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সন্দীপ লাহন,অগপৰ মাহমৰা বিধান পৰিষদৰ অন্যতম সম্পাদক ক্ষীৰুদ বৰুৱা,সহ-সম্পাদক কুন্দন বৰুৱা,তথ্য প্ৰযুক্তিৰ সম্পাদক দেৱজ্যোতি ফুকন,নৱজিৎ গগৈ, যুৱ পৰিষদৰ সম্পাদক অনিল ফুকন আদিৰ লগতে অৰ্ধশতাধিক দলীয় কৰ্মী উপস্থিত থাকি সমষ্টিটোত পূৰ্ণ গতিৰে দলৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি দলক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷উল্লেখযোগ্য যে,অগপৰ অসম যুৱ পৰিষদৰ মাহমৰা বিধান পৰিষদৰ সম্পাদক অনিল ফুকনে অসমত মিত্ৰজোঁটৰ চৰকাৰ তথা সমষ্টিটোত বিজেপি-অগপ মিত্ৰজোঁটৰ বিধায়ক থকাৰ পাছতো কেৱল বিজেপি দলীয় নেতা,কৰ্মীৰ নেতৃত্বত আয়োজন কৰা সমষ্টিটোৰ আঁচনি তথা উন্নয়নমূলক আদি কামৰ উদ্বোধনী সভা বিলাকত অগপৰ কোনো নেতা কৰ্মী উপস্থিতিৰ বাবে কোনোদিনে নিমন্ত্ৰণ নকৰা বুলি সভাত ক্ষুভ উজৰাৰ পাছতেই সভাই এই সংক্ৰান্তত প্ৰস্তাৱ গ্ৰহণ কৰি সমষ্টিটোৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মাহমৰা বিধান পৰিষদৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ শলাগৰ শৰাইৰে সভাখনি সামৰণি মৰা হয় ৷