চাকৰি যোগ্যতাৰ ভিত্তিতহে প্ৰদান কৰা হব,পাৰ্টীৰ লেবেলত চাকৰি নহয় ৷সেয়ে চাকৰি পাব লাগিলে বৰ্তমানৰ প্ৰজন্মই ভালদৰে পঢ়া-শুনা কৰি চাকৰিৰ বাবে নিজকে যোগ্য কৰি তুলিব লাগিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ইতিমধ্যে প্ৰতিটো বিভাগত স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে____আজি

কামৰূপ জিলাৰ মান্দাকাটা গাঁও পঞ্চায়তৰ মালাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে এটি শ্মশান গৃহ উন্মোচন কৰি এই বক্তব্য প্ৰদান কৰে ৷ শ্মশান গৃহটি উন্মোচনৰ পিছতে মালাৰা গাঁৱৰ ঐতিহ্যমণ্ডিত বুঢ়াগোহাই নামঘৰ প্ৰাঙ্গনত এখন সভা অনুষ্ঠিত হয় ৷ যুৱ সমাজকৰ্মী অজয় কুমাৰ নাথে পৰিচালনা কৰা এই সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীক গামোছা-জাপি আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সভাখনত মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম, আঞ্চলিক পঞ্চায়তৰ সদস্য বীৰেন বৈশ্য, ভাৰতীয় জনতা পাৰ্টীৰ মান্দাকাটা গাঁও পঞ্চায়তৰ জ্যেষ্ঠ-কনিষ্ঠ একাংশ কাৰ্য্যকৰ্তা উপস্থিত থাকে ।