দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত দৈদাম চাহ বাগিচাত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত শুভ উদ্বোধন কৰে সাংসদ গৰাকীয়ে ।

উদ্বোধনী অনুষ্ঠানটোত বিধায়ক গৰকীৰ উপৰিও জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী , জিলা বিজেপিৰ উপ সভাপতি মুলেন্দ্ৰ মৰাণ সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সাংসদ প্ৰদান বৰুৱাক সংগ দিয়ে ।