আয়ৰ তুলনাত ব্যয় অধিক হ'ব নোৱাৰিব। ইউৰোপৰ ক্লাববোৰক ইতিপূর্বে এই বিষয়ে | সতৰ্ক কৰি দিছিল মহাদেশখন ফুটবলৰ সর্বোচ্চ সংস্থা উয়েফাই। এই বিষয়টোত উয়েফাৰ এক বিশেষ নীতিও আছে, যাক কোৱা হয় ফিনেন্সিয়েল ফেয়াৰ প্লে' বলছ (এফ এফ পি)। এই নীতি উলংঘা কৰাৰ বাবে ফৰাচী ক্লাব পি এছ জিৰ লগতে আন সাতটা ক্লাবৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে। উয়েফাৰ ফালৰ পৰা কোৱা হৈছে যে ভবিষ্যতলৈ এই নিয়ম উলংঘা কৰিলে ৬৫ মিলিয়ন ইউৰো পৰ্যন্ত জৰিমনা আৰোপ কৰা হ'ব পাৰে। পি এছ জিব লগতে উয়েফাৰ জৰিমনাৰ সন্মুখীন হ'বলগীয়া হৈছে ইটালীৰ জুভেন্টাছ, এ চি মিলান, ইণ্টাৰ মিলান, এ এছ ৰোমা, ফ্ৰান্সৰ মাৰ্ছেই, ম'নাকো আৰু তুৰস্কাৰ বেছিকতাছ। এই আঠটা ক্লাবৰ মুঠ জৰিমনাৰ পৰিমাণ হৈছে ২৬ মিলিয়ন ইউরো। উল্লেখ্য, বিত্তীয় নীতি উলংঘা কৰাৰ বাবে আগশাৰীৰ ২০টা ক্লাবৰ বিৰুদ্ধে তদন্ত চলাইছিল উয়েফাই। ২০২০-২১ ছীজনত হোৱা অনিয়মৰ বাবে উয়েফাই এই তদন্ত চলাইছিল। উয়েফাই UEF স্পষ্টভাৱে উল্লেখ কৰিছিল যে কোনো ক্লাবে উপার্জনতকৈ অধিক ব্যয় কৰিব নোৱাৰিব। প্ৰতি তিনি বছৰত ক্লাববোৰৰ আয়-ব্যয়ৰ হিচাপত সামঞ্জস্য থাকিব লাগিব। এইবাৰ উয়েফাই অস্তিম পাচটা বিত্তীয় বৰ্ষৰ ভিত্তিত জৰিমনা আৰোপ কৰিছে। ক’ভিড অতিমাৰীৰ বাবে

২০২০ আৰু ২০২১ বিত্তীয় বৰ্ষক বিবেচনা কৰা হোৱা নাই। পি এছ জি আৰু আন সাতটা ক্লাবক জৰিমনা বিহাৰ বিপৰীতে আন ১৯টা ान ওপৰত নজৰ ৰখা হৈছে বুলি জনাইছে উে এই ক্লাববোৰৰ ভিতৰত আছে চলিত বৰ্ষত ইংলিছ প্রিমিয়াৰ লীগত খেলুৱৈ ক্ৰয়াৰ ক্ষেত্ৰত অভিলেখ ধন ব্যয় কৰা চেলছি, লাষ্টাৰ চিটী, মানচেষ্টাৰ চিটী, বেষ্ট হাম আৰু ৰেঞ্জাৰ্ছ। যিকেইটা ক্লাবৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা হৈছে, তাৰ ভিতৰত পি এছ জিবে জৰিমনাৰ পৰিমাণ সর্বাধিক। পি এছ জিয়ে উয়েফাৰ বিত্তীয় অনুশাসন নীতিৰ এটা বিশেষ নিয়ম উলংঘা কৰি আছে আৰু তাৰ শুধৰণিৰ বাবে ফৰাচী ক্লাবটোক তিনি বছৰৰ সময় দিয়া হৈছে। ফ্ৰান্সৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত তিনিটা বছৰত প্ৰতিটো ছীজনতে পি এছ জিৰ প্ৰায় তিনি কোটি ইউৰোৰ লোকচান হৈছে। উয়েফাই ক্লাবটোক এই প্রক্রিয়া সলনি কৰাৰ নিৰ্দেশ দিছে। উল্লেখ্য, ফুটবলাৰৰ পাৰিশ্রমিক, দল সলনি আৰু এজণ্টৰ ফীৰ নামত ক্লাববোৰে বৃহৎ অংকৰ ধন খৰচ কৰে। পৰৱৰ্তী টাজনৰ পৰা এইক্ষেত্ৰত খৰচৰ এটা উচ্চতম সীমা বান্ধি দিয়া হ'ব পাৰে। মুঠ উপার্জন অনুসৰি ক্লাববোৰে এইবোৰ ক্ষেত্ৰত ধন বায় কৰিব পাৰিব। 2023 চনত ক্লাববোৰে মুঠ উপাৰ্জনৰ ১০ শতাংশ এইবোৰ বিষয়ত খৰচ কৰিব পাৰিব। তেনেদৰে ২০২৪ চনত ৮০ শতাংশ আৰু ২০২৫ চনত ৭০ শতাংশ খৰচ কৰিব পাৰিব।