সোণাৰি পৌৰসভাই কিয় ভাঙিলে ব্যক্তিগত বাসগৃহৰ কিছু অংশ। এই সন্দৰ্ভত জনালে পৌৰপতি তিলক চন্দ্ৰ নেওগে।

সোণাৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ এগৰাকী বাসিন্দাৰ অভিযোগৰ ভিত্তিত পৌৰসভাই ভাঙি পেলালে এটা বাসগৃহৰ কিছু অংশ। তথ্য অনুসৰি পৌৰসভাৰ নিবাসী পীপলু পালে নিজা ঘৰৰ কাষত তেওঁৰ প্ৰতিবেশী অমল পালে বিপদ সংকুল ভাবে গৃহ নিৰ্ম্মাণ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰোজু কৰিছিল আৰু উক্ত গোচৰৰ মিমাংসা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাৰি পৌৰসভাক দুয়োপক্ষৰ মাজত আলোচনা কৰি সমাধান কৰিবৰ বাবে যোৱা ১৩ জুন তাৰিখে ৰায় প্ৰদান কৰে । ইফালে পৌৰসভাই দুয়োপক্ষৰ মাজত আলোচনাৰ অন্তত গৃহ নিৰ্ম্মাণকাৰী অমল পালৰ আকোৰ গোজ মনোভাৱৰ বাবে কোনো সুফল নধৰাত পৌৰসভাই অমল পালে বিপদ সংকুল ভাৱে নিৰ্ম্মাণ কৰা অংশ ভাঙি পেলোৱাৰ আৰু গৃহ নিৰ্ম্মাণৰ অনুমতি নাকচ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে । এই সংক্রান্তত অমল পালক যোৱা ৯ আগষ্টত গৃহ নিৰ্ম্মাণৰ অনুমতি নাকচ কৰি ১৫ ( পোন্ধৰ ) দিনৰ সময় নিৰ্দ্ধাৰণ কৰি বিপদ সংকুল অংশ নিজা উদ্যোগত ভাঙি পেলাবৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল আৰু উক্ত সময় সীমা ইতিমধ্যে অন্ত পৰাৰ পাছতো নিজা উদ্যোগত ভাঙি পেলোৱাৰ কোনো চিন্তা কৰা পৰিলক্ষিত নহ'ল । সেয়ে তিনি ছেপ্তেম্বৰত অবৈধ তথা বিপদ সংকুল অংশ পৌৰসভাই ভাঙি পেলায়।