গোলাঘাট জিলাৰ ৰাধাবাৰী চাহ বাগিছা কৰ্তৃপক্ষই শ্ৰমজীৱি লোকক চিকিৎসা সেৱাৰ নামত চৰম প্ৰতাৰণা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বাগিছাখনৰ আটছা উপ শাখা, গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ সচেতন ৰাইজে।
অভিযোগ অনুসৰি শ শ স্থায়ী আৰু আস্থায়ী শ্ৰমিক থকা চাহ বাগিছাখনত এখন চিকিৎসালয় আছে যদিও নাই কোনো এজন স্থায়ী চিকিৎসক। ফাৰ্মাচিষ্ট গৰাকীয়েই ৰোগীক স্বাস্থ্য পৰীক্ষা কৰি ঔষধ পাতি দি চিকিৎসা সেৱা আগবঢ়াই আহিছে চিকিৎসালয়খনত। সেয়ে সাধাৰণ জ্বৰ, কাহ হ'লেই ৰোগীক আন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ফলত সাধাৰণ জ্বৰ-কাহ ৰোগীৰ ওপৰি প্ৰসূতিৰ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।
মাত্ৰ ২০৫ টকাৰ নূন্যতম দৈনিক মজুৰীত কঠোৰ পৰিশ্ৰম কৰা চাহ শ্ৰমিক সকলক চিকিৎসা সেৱাৰ নামত প্ৰতাৰণা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাধাবাৰী চাহ বাগিছা আটছা উপ শাখাই। শীঘ্ৰে বাগিচাখনৰ চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তি দি শ্ৰমজীৱী লোকসকলৰ চিকিৎসা সেৱা নিশ্চিত কৰিবলৈ
ৰাধাবাৰী চাহ বাগিছা আটছাৰ উপ শাখা , স্থানীয় গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে বাৰম্বাৰ বাগিছাখনৰ কৰ্তৃপক্ষক দাবী জনাইছে।