বৰডুমচা আৰক্ষী থানা ঘেৰাওঁ কায্যসূচি থলীৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক উমানন্দ মুদৈ মৰাণৰ প্ৰতিক্ৰিয়া।

তিনিচুকীয়াৰ বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ শ-শ মহিলাৰ ।

"অসম পুলিচ হায়-হায়, ড্ৰাগচ মাফিয়াক এৰেষ্ট কৰক" ধ্বনিৰে উত্তাল বৰডুমচাৰ আকাশ-বতাহ ।

ৰাজ্যত আৰক্ষীয়ে ড্ৰাগছ বিৰুধী অভিযান যিমানেই চলাই থাকিলেও কিন্তু সিমান্তৱৰ্তী অঞ্চলসমূহত বৰ্তমানেও আৰক্ষীৰ নাকৰ তলতেই মুকলিকৈ চলিয়েই আছে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা । তিনিচুকীয়া জিলা বিশেষকৈ অসম-অৰুণাচল সিমান্তৱৰ্তী পেঙেৰী, বৰডুমচা আদি অঞ্চলত অবৈধ মাদক দ্ৰব্যৰ সমান্তৰালকৈ চলিছে মাৰাত্মক তথা নিষিদ্ধ ড্ৰাগছ-কানিৰ ৰমৰমীয়া ব্যৱসায় । এনে দ্ৰব্য সেৱন কৰি পংগু হৈছে এই অঞ্চলৰ বহু নৱ-প্ৰজন্ম । আনকি মৃত্যু প্ৰজন্ত হৈছে কম বয়সীয়া স্কুলীয়া ছাত্ৰৰ । তাৰ পাছতো যেন গা নলৰে আৰক্ষী প্ৰশাসনৰ । যাৰ প্ৰতিবাদত ড্ৰাগছ-কানিৰ লগতে নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন বন্ধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত উলাই আহিল বৃহত্বৰ বৰডুমচাৰ অঞ্চলৰ শতাধিক পুৰুষ-মহিলা । শুক্ৰ বাৰে প্ৰতিবাদকাৰী সকলে পদযাত্ৰা কৰি বৰডুমচা আৰক্ষী থানাত উপস্থিত হৈ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্যযোগ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত এই অঞ্চলসমূহত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ’ল । যাৰ পৰিণতিত কিছুদিনৰ আগতে তিনিচুকীয়া জিলাৰ টেকেৰি গাঁৱৰ এজন ফুলকুমলিয়া নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হৈছিল । পেঙেৰী, বৰডুমচা, বুঢ়িদিহিং, ফিল'বাৰী, আদিৰ দৰে অঞ্চলত দৈনিক অবাধ হাৰত নিচাজাতীয় দ্ৰব্য প্ৰচলনে ভয়ংকৰ পৰিবেশ সৃষ্টি কৰিছে ।