দৰঙত বিদ্যালয় চামিলকৰণৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ ।

এশ শতাংশ উত্তীৰ্ণ বিদ্যালয়কো চামিলকৰণৰ সিদ্ধান্ত শিক্ষা বিভাগৰ ।  শেহতীয়াকৈ দিপীলা আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খন চামিলকৰণক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।চামিলকৰণৰ সিদ্ধান্ত বাতিল নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ অভিভাৱকৰ ।প্ৰায় ১৩ বিঘা মাটিত ১৯৯০ চনত স্থাপিত দিপীলা চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খনত সকলো সুবিধা থকাৰ উপৰিও প্ৰতি বছৰে ১০০ শতাংশ ছাত্ৰছাত্ৰী উৰ্ত্তীৰ্ণ হৈ অহাৰ পিছতো কিয় শিক্ষা বিভাগে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চামিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ প্ৰশ্ন কৰিছে অভিভাৱকসকলে।