ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ সভাপতি/সচিবৰ বিৰুদ্ধে PMAY-G আঁচনিত দুৰ্নীতি কৰা অভিযোগ, সদৰত আটাছু কেন্দ্ৰীয় যুটীয়া সম্পাদকৰ প্ৰতিক্ৰিয়া
ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তত সভাপতি ৰোহিনী বৰুৱা আৰু সচিবৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী আবাস যোজনা গ্ৰামীণ আঁচনিত ব্যাপক দুৰ্নীতি কৰা অভিযোগ উত্থাপন হৈছে।
চৰকাৰী নীতি নিয়ম উলংঘন কৰি আৰু ঠগ প্ৰৱঞ্চনাৰে নীতি বৰ্হিভূতভাৱে দুখীয়া শ্ৰেণী ৰাইজলৈ অহা PMAY-G ৰ আঁচনিৰ অধীনৰ গৃহ দুৰ্নীতিৰ আশ্ৰয় লৈ আৰ্থিকভাৱে স্বচ্ছল ধনী শ্ৰেণীৰ লোকক প্ৰদান কৰি দুখীয়া শ্ৰেণী ৰাইজক বঞ্চিত কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
টঙনাপৰা কৈৱৰ্ত গাঁৱৰ ব্যক্তি নন্দেশ্বৰ দাস আৰু বামুনী নাথ গাওঁৰ মুহিত নাথক PMAY-G ৰ আঁচনিৰ আইন উলংঘা কৰি গৃহ প্ৰদান কৰা তথ্য পোহৰলৈ অহা লগে লগে ধেমাজিৰ সচেতন ব্যক্তি তথা আটাছু ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰগোহাঁই উচিত তদন্তৰ বাবে ধেমাজি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।
আজি ধেমাজি সদৰত আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেধৰণৰ দুৰ্নীতিগ্ৰস্থ পঞ্চায়তৰ সভাপতি সচিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাই।