শনিবাৰে পুৱাৰে পৰা  তিনিচুকীয়াৰ কৰদৈগুৰি বৰগড়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ শুভাৰম্ভ হৈ যায় ।

তালাপ-কৰ্দৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থা , তালাপ-কৰ্দৈগুৰি আঞ্চলিক মৰাণ সভা , তালাপ কৰ্দৈগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থা আৰু তালাপ কৰ্দৈগুৰি আঞ্চলিক মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত আৰু বৰগড়া সমন্বয় যুৱক সংঘৰ আতিথ্যত বৰগড়াত অনুষ্ঠিত হৈছে ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস ।

অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পুৱাই মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দিনৰ ভাগলৈ বিভিন্ন প্ৰতিযোগিতাৰ ওপৰিও তালাপ-কৰ্দৈগুৰি আঞ্চলিক মৰাণ সভা আৰু মৰাণ ছাত্ৰ সন্থাৰ মাজত এখনি প্ৰীতিমূলক ফুটবল খেল অনুষ্ঠিত কৰিব উদ্যোক্তা সকলে ।