তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণনময় ভৰদ্বাজক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সম্বৰ্ধনা জনায়। ডুমডুমা অঞ্চলত বহু কেইটা জনহিতকৰ কাম কৰাৰ বাবে সংগঠনটোৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এই সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ৰাজহ বিভাগৰ লগতে সামাজিক বহু কাম সুকলমে কৰি গৈছে।