বৰহাটৰ অসম-অৰুণাচলৰ সীমান্তত তীব্ৰ উত্তেজনা।যিকোনো মূল্যৰ বিনিময়ত হলেও অসমৰ মাটি এক ইঞ্চিও এৰি দিয়া নহ'ব ।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা লংকেশ্বৰ গগৈ।

  উল্লেখ্য যে অসম চৰকাৰৰ সোপাধিলা নীতিত অৰুণাচল বাসী ৰাইজে বিগত বহু বছৰৰ পৰা অবাধ গতিত অসমৰ মাটি বেদখল কৰি অসমৰ মাটিত কামকো,সাচিৰোচা ,নাহৰণি অসীম বস্তি ,আদি গাওঁ পাতি বৃহৎ বৃহৎ চাহ বাগান,গীৰ্জাঘৰ ,স্কুল, খোৱাপানী যোগান,বিদ্যুৎ ,পথ নিৰ্মাণ কৰি বেদখল কৰাৰ সময়তে সমান্তৰালভাৱে এক নং চৰাইপুঙৰ পৰা দিল্লীঘাটলৈকে অৰুণাচলীয়ে গোপনে গছ-গছনি কাটি দিল্লী সংৰক্ষিত বনাঞ্চলত মাজেৰে সীমা নিধাৰণ কৰা কাৰ্যত স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,টাই আহোম যুৱ পৰিষদ,অসমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অচিৰেই গণতান্ত্ৰিক উপায়ে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে।