গোগামুখত মানৱ শৃংখল। গোলাপ বৰুৱাৰ মৃত্যুৰ ন্যায় বিছাৰি উলাই আহিল ৰাইজ। 

অন্ধ বিশ্বাসৰ কামনাৰ বলি হৈ জোনাইত গণ প্ৰহাৰত মৃত্যু হোৱা গোলাপ বৰুৱাৰ উচিত ন্যায় বিছাৰি গোগামুখত আছু,এজেৱাইচিপি আৰু চেতিয়া গাওঁবাসীৰ ৰাইজে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। মানসিক বিকাৰগ্ৰস্থ গোলাপ বৰুৱাৰ অকাল মৃত্যুত জাঙুৰ খাই উঠিছে গোগামুখৰ দ'ল সংগঠন আৰু ৰাইজ। যিকোনো মূল্যৰ বিনিময়ত গোলাপ বৰুৱাৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিছাৰি এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন। প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰে দ'ল সংগঠনে। এই ঘটনাৰ সৈতে জৰিত এজনো ব্যক্তি আইনৰ সোৰোঙাৰ মাজেৰে ৰেহাই নাপায় তাৰ দাবী তুলিছে সংগঠন আৰু ৰাইজে