ৰাভা হাছং পৰিষদীয় এলেকাত একাংশ বিদ্যালয়ত যদি ছাত্ৰছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা নগণ্য আন কোনোবাখনত শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম ৷ একাংশ বিদ্যালয়ত চাৰিজন শিক্ষকে বাৰ জন ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ লগতে আন বিদ্যালয়ত চাৰিশ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে ছয় জন শিক্ষক ৷ এনে বিসংগতি সমাধান কৰিবলৈ চৰকাৰে একত্ৰীকৰণৰ ব্যৱস্থা লৈছে৷ এই মন্তব্য ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাৰ ৷ আনহাতে একাংশ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী কম কিন্তু তেনে বিদ্যালয়ৰ সন্মুখেৰে দ্বৈত ৰেলপথ অথবা ৰাষ্ট্ৰীয় ঘাইপথো গৈছে ৷ তেনে বিদ্যালয় সমুহক একীকৰণ নকৰাৰ আহ্বান জনাইছে শিক্ষা বিভাগলৈ ৷ কাৰণ ৰেলপথ অথবা ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ শিক্ষাৰ্থী সকল বিদ্যালয়লৈ অহা-যোৱা কৰাটো অসম্ভৱ ৷ সেই বিদ্যালয় সমুহক ভাল দৃষ্টিভংগীৰে একীকৰণ নকৰাকৈ সেই স্থানতে ৰখাৰ আহ্বান জনাইছে টংকেশ্বৰ ৰাভাই ৷বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীতকৈ বহু চৰকাৰী বিদ্যালয়ত গুণসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰী আছে ৷ সেই সকল শিক্ষক-শিক্ষয়িত্ৰীক ভাল মানসিকতাৰে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত কাম কাজ কৰাত গুৰুত্ব প্ৰদান কৰিছে টংকেশ্বৰ ৰাভাই ৷ লগতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমুহৰ সকলো ধৰণৰ আন্ত:গাঁঠণি উন্নয়ন, সৌন্দৰ্য্য বৰ্ধন আদিৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগলৈ আহ্বান জনায় টংকেশ্বৰ ৰাভাই ৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্ত:গাঁঠণিৰ উন্নয়ন হলেহে শিক্ষা ব্যৱস্থাৰ মান উন্নত হ’ব বুলি কয় ৰাভা হাছং প্ৰধান টংকেশ্বৰ ৰাভাই৷ যোৱা ৩১ আগষ্টত দুধনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা বিদ্যালয়লৈ সোমাই যোৱা পথ ছোৱা ৰাভা হাছং পৰিষদৰ আবন্টিত পূঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰি দি এনেদৰে বক্তব্য প্ৰদান কৰে ৰাভা হাছং প্ৰধান কৰে৷ পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই একেদিনাই পৰিষদৰ আবন্টিত পুঁজিৰে ৰাভা জাতীয় আন্দোলনত প্ৰাণ আহুতি দিয়া শালপাৰা পৰিষদীয় সমষ্টিৰ শ্বহীদ ঝাৰো বালা ৰাভা আৰু দিৰ্মাজাখিলী পৰিষদীয় সমষ্টিৰ প্ৰফুল্ল ৰাভাৰ ঘৰলৈ যোৱা পথছোৱা পকী কৰি শুভ উদ্বোধন কৰে টংকেশ্বৰ ৰাভাই৷ ইয়াৰ সমান্তৰাল ভাবে একেদিনাই পৰিষদৰ পূঁজিৰে ৰাভা হাছং পৰিষদীৰ সচিবালয় চৌহদত এখন অত্যাধুনিক সা-সুবিধা সম্পন্ন কেন্টিন, পুৰণি জনজাতি পৰিদৰ্শন ভৱনটো মেৰামতি কৰি নতুনকৈ সজাই পৰাই পুনৰ উদ্বোধন কৰাৰ লগতে ৰাভা জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী ব্ৰজকুমাৰ ৰাভাৰ “বগেজাৰী গীতৰ সংকলন” শীৰ্ষক এটি ভিডিঅ কেছেটৰ শুভ উন্মোচন কৰে টংকেশ্বৰ ৰাভাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જામનગરના મોટી ખાવડી પાસે એક ખાનગી હોટેલમા ભીષણ આગ લાગી
જામનગરના મોટી ખાવડી પાસે એક ખાનગી હોટેલમા ભીષણ આગ લાગી
महाअष्टमी:-चापरमुख मारवाड़ी पट्टी दुर्गोत्सव में बही भजनों की गंगा।
मातारानी के जय कारों से हुवा भक्तिमय।
महानवमी आज
रोहा के रोहा नगर, चापरमुख,,दिघलदरी,खरियतुली,वामुनिजान,फुलोगुडी,आमसोई मे महाअष्टमी के शुभ अवसर पर...
MP के Rewa में दो महिलाओं को मुरम में जिंदा गाड़ने की कोशिश, Video Viral, Police ने क्या एक्शन लिया?
MP के Rewa में दो महिलाओं को मुरम में जिंदा गाड़ने की कोशिश, Video Viral, Police ने क्या एक्शन लिया?
সোণাৰিৰ সাপেখাতিত বিদ্যুৎপৃষ্ট হৈ প্ৰাণ হেৰুৱালে গৃহৰক্ষী জোৱানে
সোণাৰিৰ সাপেখাতিত বিদ্যুৎপৃষ্ট হৈ প্ৰাণ হেৰুৱালে গৃহৰক্ষী জোৱানে।সোণাৰি মহাবিদ্যালয়ৰ সোণালী...
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz