কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ কোচিন শ্বিপয়াৰ্ড লিমিটেডৰদ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহক তথা যুদ্ধজাহাজ- "আইএনএছ বিক্ৰান্ত" আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতি উৎসৰ্গিত কৰে। আজিৰ এই দিনটোক ভাৰতৰ বাবে এক গৌৰৱৰ দিন বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "দেশৰ প্ৰতি উৎসৰ্গিত হোৱা আইএনএছ বিক্ৰান্তৰ শুভ উদ্বোধনীয়ে দেশবাসীক শক্তি আৰু সামৰ্থ্যৰ সন্দৰ্ভত শক্তিশালী আস্থা আৰু ভৰসা প্ৰদান কৰিছে। আমাৰ মনোবল বৃদ্ধি কৰাৰ লগতে শত্ৰুৰ মুখামুখি হ'ব পৰাকৈ আমাৰ সাহসো বৃদ্ধি কৰিছে বিক্ৰান্তে। আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে এখন অগ্ৰগামী, শক্তিশালী আৰু আত্মবিশ্বাসী নতুন ভাৰতবৰ্ষ গঢ়াৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে এইক্ষেত্ৰত বৃহৎ পদক্ষেপ ল'বলৈ সাজু হৈছে। আইএনএছ বিক্ৰান্ত মোদী ডাঙৰীয়াৰ 'মেক ইন ইণ্ডিয়া' পদক্ষেপৰো এক দূৰদৰ্শী পৰিচায়ক। আইএনএছ বিক্ৰান্তৰ সৈতে জড়িত সেই সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, যাৰ অক্লান্ত নিষ্ঠা আৰু সবল প্ৰচেষ্টাৰ বলত আত্মনিৰ্ভৰ ভাৰতৰ এক গৌৰৱ আইএনএছ বিক্ৰান্তে সাগৰৰ মাজেৰে যাত্ৰা কৰি আমাৰ আটাইতকৈ বিশ্বাসী প্ৰহৰী হৈ উঠিছে।"

উল্লেখযোগ্য যে, আইএনএছ বিক্ৰান্তৰ দ্বিতীয় সাগৰীয় পৰীক্ষণৰ সময়ত সৰ্বানন্দ সোণোৱালে নিজে উপস্থিত থাকি পৰীক্ষণৰ বুজ লৈছিল আৰু যুদ্ধজাহাজখনৰ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট সকলোকে উৎসাহিত কৰিছিল।

২৬২.৫ মিটাৰ দীঘল আৰু ৬১.৬ মিটাৰ বহল এই বিক্ৰান্তৰ সৰ্বাধিক গতি হৈছে ৭,৫০০ নটিকেল মাইল সহনশীলতাৰ সৈতে ২৮ নট। জাহাজখনত প্ৰায় ২,২০০টা কম্পাৰ্টমেণ্ট আছে, যাক মহিলা বিষয়া আৰু নাবিকসহ প্ৰায় ১,৬০০ লোকৰ বাবে ডিজাইন কৰা হৈছে। এই যুদ্ধজাহাজখনত ৩০ খন বিমানৰ এয়াৰ উইং পৰিচালনা কৰাৰো সক্ষমতা আছে।